অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ পত্ৰযোগে কি পৰামৰ্শ দিলে ৰিপুণ বৰাই - চাহ বাগিচা

কণ্টেইনমেণ্ট জ’নত থকা লোকসকলৰ বাবে বিনামূলীয়া খাদ্যৰ ব্যৱস্থা কৰক । ব্যক্তিগত চিকিৎসালয়সমূহতো বিনামূলীয়াভাৱে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ আহ্বান । ৯ টা পৰামৰ্শৰে মুখ্যমন্ত্ৰীলৈ ৰিপুণ বৰাৰ পত্ৰ ৷

৯টা পৰামৰ্শৰে মুখ্যমন্ত্রীলৈ ৰিপুন বৰাৰ পত্র
৯টা পৰামৰ্শৰে মুখ্যমন্ত্রীলৈ ৰিপুন বৰাৰ পত্র

By

Published : May 16, 2021, 9:28 PM IST

Updated : May 17, 2021, 6:39 AM IST

গুৱাহাটী,১৬ মে’: ৰাজ্যৰ ভয়াৱহ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰে । পত্রখনত ৰিপুণ বৰাই মুখ্যমন্ত্ৰীলৈ ৯ টাকৈ দিশ উল্লেখ কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

ৰিপুণ বৰাই পত্ৰত উল্লেখ কৰা দিশসমূহ হৈছে -

১. কণ্টেইনমেণ্ট জ’নত থকা লোকসকলৰ বাবে বিনামূলীয়া খাদ্যৰ ব্যৱস্থা নাইবা ২,০০০ টকাৰ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা অতি সোনকালে সম্পূৰ্ণ কৰক ৷

২. অসংগঠিত আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰক ।

৯টা পৰামৰ্শৰে মুখ্যমন্ত্রীলৈ ৰিপুন বৰাৰ পত্র

৩. ভিতৰুৱা গাঁও, চাহ বাগিচা অঞ্চলত বাস কৰা দুখীয়া লোকসকলক অনলাইন বুকিঙৰ পৰা ৰেহাই দি তেওঁলোকক বিকল্প ব্যৱস্থাৰে ভেকচিন প্ৰদান কৰক ।

৪. চাহ বাগিচাকে ধৰি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীসকলৰ বাবে পৰিকল্পিতভাৱে সংঘবদ্ধ ৰূপত ভেকচিন প্ৰদান কৰক ।

৫. সীমান্ত অঞ্চল, চৰ-চাপৰি অঞ্চলকে ধৰি দুৰ্গম অঞ্চলত বাস কৰা লোকসকলৰ বাবেও ক’ভিড প্ৰতিষেধকৰ ব্যৱস্থা কৰক ।

৬. গুৱাহাটী মহানগৰীৰ লগতে জিলা সদৰ আৰু মহকুমা সদৰসমূহত থকা ব্যক্তিগত চিকিৎসালয়সমূহত বিনামূলীয়াভাৱে প্ৰতিষেধক প্ৰদান কৰক ।

৭. ক’ভিড হাস্পতালত ৰোগীয়ে যাতে উপযুক্ত চিকিৎসা, প্ৰয়োজনীয় সেৱা-শুশ্ৰূষা, যতন আদি লাভ কৰে সেয়া সুনিশ্চিত কৰক ।

৯টা পৰামৰ্শৰে মুখ্যমন্ত্রীলৈ ৰিপুন বৰাৰ পত্র

৮. সকলো চৰকাৰী চিকিৎসালয়ৰ লগতে ব্যক্তিগত চিকিৎসালয়সমূহত ক’ভিড ৰোগীৰ চিকিৎসা বিনামূলীয়া কৰক ।

৯. ক’ভিড মহামাৰীৰ সুযোগ লৈ একাংশ অসাধু চক্ৰই বজাৰত সা-সামগ্ৰীৰ কৃত্ৰিম নাটনি কৰি মূল্যবৃদ্ধি কৰাটো চৰকাৰে নিয়ন্ত্ৰণ কৰক ।

উল্লেখ্য যে, এই জটিল সময়ত মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি চৰকাৰ সমানেই সচেতন, সহানুভূতিশীল আৰু দায়বদ্ধ হোৱাটো বাঞ্চনীয় বুলি ৰিপুণ বৰাই সদৰী কৰে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীলৈ পত্ৰযোগে কি পৰামৰ্শ দিলে ৰিপুণ বৰাই

Last Updated : May 17, 2021, 6:39 AM IST

ABOUT THE AUTHOR

...view details