গুৱাহাটী,১১ মে' : ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ক'ভিডকালত জনসাধাৰণে সম্মুখীন হোৱা বিভিন্ন আৰ্থিক আৰু স্বাস্থ্যখণ্ডৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ বাবে নৱ নিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কেতবোৰ পৰামৰ্শ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । মঙলবাৰে প্ৰেৰণ কৰা স্মাৰকপত্ৰত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে, "অসমৰ দৰে অনগ্ৰসৰ আৰু অনা উদ্যোগিক ৰাজ্য এখনত ক'ভিডে এনে ভয়ানক ৰূপ লোৱাটো অতি উদ্বেগৰ বিষয় । এয়া সমগ্ৰ অসমীয়া জাতিৰ বাবে ভয়ানক সংকটৰ সময় । কেন্দ্ৰ আৰু চৰকাৰৰ সঠিক কাৰ্যব্যৱস্থাৰ অভাৱৰ বাবে এনে ভয়ানক অৱস্থাৰ সৃষ্টি হৈছে"৷
অখিল গগৈয়ে স্বাস্থ্য বিভাগে ২০২০ চনত ৰাজহুৱা দান-বৰঙণি উঠাই পাঁচখন ক'ভিড চিকিৎসালয় স্থাপনৰ প্ৰতিশ্ৰুতি দি সেই চিকিৎসালয় কেইখন স্থাপন নকৰাত ক্ষোভ প্ৰকাশ কৰে । তেওঁ স্মাৰকপত্ৰত প্ৰকাশ কৰে যে, মানুহে এফালৰ পৰা তেওঁলোকৰ আপোনজনক হেৰুওৱাৰ লগতে উপাৰ্জন হেৰুৱাই সৰ্বস্বান্ত হৈছে । সেয়েহে যুদ্ধকালীন তৎপৰতাৰে ক'ভিড-১৯ৰ বিৰুদ্ধে অভিযান চলাব লাগে । ৩ পৃষ্ঠাৰ স্মাৰকপত্ৰখনত বহুকেইটা আহ্বান তথা দাবীও উল্লেখ কৰিছে বিধায়কগৰাকীয়ে । সেইবোৰ হ'ল -
- অসমৰ ৩ কোটি ৩০ লাখ মানুহৰ চিকিৎসাৰ বাবে যোগ্য প্ৰতিজন ব্যক্তিকে ক'ভিড-১৯ৰ ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা তথা কেন্দ্ৰীয় চৰকাৰৰ পৰা যথোপযুক্ত পৰিমাণৰ ভেকচিন অনাৰ ব্যৱস্থা কৰা ।
- ৰেমডিচিভিৰকে ধৰি ক'ভিড-১৯ৰ সকলো ঔষধ আৰু চিকিৎসা বিনামূলীয়াকৈ কৰা, হোম আইচ'লেচনত পঠিওৱা ৰোগীক এম্বুলেঞ্চেৰে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা, গুৱাহাটীকে ধৰি ৰাজ্যখনৰ সকলো জিলা সদৰতে চিকিৎসালয়ৰ বিচনা, আইচিইউত অক্সিজেনৰ যোগান নিশ্চিত কৰা, চিকিৎসাকৰ্মী, এম্বুলেঞ্চৰ চালক, চাফাই কৰ্মী আদিক অগ্ৰাধিকাৰ দি ভেকচিন প্ৰদান কৰা আৰু উপযুক্ত পিপিই কীট প্ৰদান কৰা ।
- চাউল, আটা, ডাইল, আলু, পিঁয়াজ, মিঠাতেল, শাক-পাচলি, গাখীৰ আদিৰ মূল্যবৃদ্ধি ৰোধ কৰা ।
- মূল্যবৃদ্ধি ৰোধৰ বাবে এটি ৰাজহুৱা পুঁজি তৈয়াৰ কৰা, ক'ভিড-১৯ ৰ সংকট শেষ নোহোৱা পৰ্যন্ত অসমৰ সকলো অভাৱী পৰিয়ালকে মাহে ৫০০০ টকাকৈ ক্ষতিপূৰণ দিয়া, প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ দ্বাৰা প্ৰস্তুত কৰা বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰামৰ্শসমূহ কাৰ্যকৰী কৰা, বিজ্ঞানী, বিশেষজ্ঞ আৰু চিভিল ছ'চাইটিৰ পৰা বিজ্ঞানসন্মত পৰামৰ্শ গ্ৰহণ কৰি কাৰ্যকৰী কৰা আৰু অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰি সকলো ৰাইজৰ প্ৰতিনিধিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে সমূহীয়াভাৱে ক'ভিড-১৯ ৰ বিৰুদ্ধে অভিযান চলোৱা ।