গুৱাহাটী, 20 মে‘ : দেশৰ বিভিন্ন ৰাজ্যৰ সমান্তৰালকৈ অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ‘ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বুধবাৰৰ দিনটোলৈ অসমত ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 157 গৰাকীৰ তথ্য বৰ্তমানলৈকে পোহৰলৈ আহিছে । 157 গৰাকীৰ ভিতৰত 41 জন বৰ্তমানলৈকে আৰোগ্য হৈ উঠাৰ বিপৰীতে 110 গৰাকী আক্ৰান্তক জি এম চি , এম এম চি আৰু সোণাপুৰ চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ।
কোভিড-19: অসমৰ শেহতীয়া তথ্য - latest civid-19 case
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি, বৰ্তমানলৈ অসমত 41 হাজাৰ 116 গৰাকী ব্যক্তিৰ চোয়াব সংগ্ৰহ কৰা হৈছে আৰু তাৰে ভিতৰত 157 গৰাকী কৰ‘ণা পজিটিভ ওলোৱাৰ বিপৰীতে 38 হাজাৰ 138 গৰাকীৰ ৰিপৰ্ট নেগেটিভ আহিছে ।
![কোভিড-19: অসমৰ শেহতীয়া তথ্য latest-corona-virus-update-of-assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7272925-thumbnail-3x2-ghycovid.jpg)
অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য
অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি, বৰ্তমানলৈ অসমত 41 হাজাৰ 116 গৰাকী ব্যক্তিৰ চোয়াব সংগ্ৰহ কৰা হৈছে আৰু তাৰে ভিতৰত 157 গৰাকী কৰ‘ণা পজিটিভ ওলোৱাৰ বিপৰীতে 38 হাজাৰ 138 গৰাকীৰ ৰিপৰ্ট নেগেটিভ আহিছে ।
আনহাতে 2978 গৰাকী লোকৰ পৰীক্ষাৰ ফলাফল আজিৰ ভিতৰত অহাৰ সম্ভাৱনা আছে । জানিব পৰা তথ্য অনুসৰি বৰ্তমান 61 গৰাকী কৰ‘ণা ভাইৰাছত আক্ৰান্ত ৰোগী এম এম চি হস্পিতালত চিকিৎসাধীন অৱস্থাত আছে ।
লগতে পঢ়ক : ঔষধি গুণ সম্পন্ন চাহপাত তৈয়াৰ শিৱসাগৰৰ বিজ্ঞানীৰ