গুৱাহাটী,১৭ এপ্রিল: এই বৰ্ষৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্রাজ্ঞীৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হৈছে গুৱাহাটীৰ মৌচুমী বৰাই । শনিবাৰে সন্ধিয়া লতাশিলত অনুষ্ঠিত বিহু সম্রাজ্ঞী প্রতিযােগিতাত আঠগৰাকী প্রতিযােগীৰ মাজত মৌচুমী বৰাই এই খিতাপ আঁজুৰি আনিবলৈ সক্ষম হয় । বিজয়ী মৌচুমীক গুৱাহাটী বিহু সন্মিলনীয়ে নগদ এক লাখ টকা, স্মাৰক, ৰূপৰ ৰাজদণ্ড, ৰূপৰ মুকুট, দহ গ্রাম সােণ, পাট-মুগাৰ সাজৰ লগতে বিভিন্ন উপহাৰ সামগ্ৰীৰে সন্মানিত কৰে ।
আনহাতে, একেখন মঞ্চতে অনুষ্ঠিত বিহুৰাণী প্রতিযােগিতাত লখিমপুৰ জিলাৰ ঋদ্ধিৰাণী দলেয়ে বিজয়ী হ'বলৈ সক্ষম হয় । নগদ ৫০ হেজাৰ টকা, ৫ গ্রাম সােণ, স্মাৰক, মুকুট আৰু অন্যান্য উপহাৰ সামগ্ৰীৰে সন্মানিত কৰে প্রতিযােগীগৰাকীক ।