অসম

assam

ETV Bharat / state

চিতাৰ জুইত অনন্তধামলৈ যাত্ৰা অপূৰ্ব বেজবৰুৱাৰ - অপূৰ্ব বেজবৰুৱাক ৰবীন্দ্ৰ ভৱনত অন্তিম শ্ৰদ্ধা

বহু মানুহৰ সৈতে চিনাকি হৈ নিবিচাৰো আজি কাকো বুলি কৈ গ’লগৈ অসমীয়া সংগীত জগক কেইবাহাজাৰো গীত উপহাৰ দিয়া শিল্পী অপূৰ্ব বেজবৰুৱা ৷ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক হিচাপে অসমবাসীৰ হৃদয়ত স্থান লৈছিল শিল্পীগৰাকীয়ে ৷ বুধবাৰে সন্ধিয়া নিয়তিৰ ওচৰত হাৰ মানিলে দুহেজাৰৰো অধিক গীতৰ স্ৰষ্টাগৰাকী ৷

prominent singer apurba bezbaruah passes-away
চিতাৰ জুইত অনন্তধামলৈ যাত্ৰা অপূৰ্ব বেজবৰুৱাৰ

By

Published : Feb 10, 2022, 1:11 PM IST

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী :জীৱন নাটৰ সামৰণি মাৰি অৱশেষত চিতাৰ জুইত বিলীন হৈ অনন্তধামলৈ যাত্ৰা কৰিলে অসমীয়া সংগীত জগতত এক নিজস্ব সুকীয়া ধাৰাৰ সৃষ্টি কৰা অপূৰ্ব বেজবৰুৱাই । বৃহস্পতিবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত বিশিষ্ট শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়(Last Rites of Apurba Bezbaruah) ।

চিতাৰ জুইত অনন্তধামলৈ যাত্ৰা অপূৰ্ব বেজবৰুৱাৰ

অনেক গুণমুগ্ধ, আত্মীয় আৰু কেইবাগৰাকীও শিল্পীৰ উপস্থিতিত অসমীয়া বিহুসুৰীয়া গীতৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰা এইগৰাকী শিল্পীৰ অন্তিম শয়নত তেওঁৰ কনিষ্ঠা কন্যা ইলোৰা বেজবৰুৱাই মুখাগ্নি কৰি পিতৃক শেষ বিদায় জনায় ।

চিতাৰ জুইত অনন্তধামলৈ যাত্ৰা অপূৰ্ব বেজবৰুৱাৰ

আনহাতে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা শিল্পীগৰাকীক নৱগ্ৰহ শ্মশানত অন্তিম শ্ৰদ্ধা জনাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই । বুধবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা অপূৰ্ব বেজবৰুৱাৰ(Apurba Bezbaruah passes away) নশ্বৰদেহ বৃহস্পতিবাৰে পুৱা হাস্পতালৰ পৰা লৈ যোৱা হয় তেওঁৰ কাহিলীপাৰাৰ বাসগৃহলৈ । তাৰপৰা তেওঁৰ নশ্বৰ দেহ অনা হয় জ্যোতি চিত্ৰবনলৈ । জ্যোতি চিত্ৰবনত বিশিষ্ট শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি যাতে তেওঁৰ অনেক গুণমুগ্ধই । ইয়াৰ পিছত অন্তিম শয়ণত থকা অপূৰ্ব বেজবৰুৱাৰ পাৰ্থিব শৰীৰ ৰবীন্দ্ৰ ভৱনলৈ নিয়া হয় ।

চিতাৰ জুইত অনন্তধামলৈ যাত্ৰা অপূৰ্ব বেজবৰুৱাৰ

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা ৰবীন্দ্ৰ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় শিল্পীগৰাকীক । তাৰ পিছত নৱগ্ৰহ শ্মশানত চিতাত উঠি অনন্তধামলৈ যাত্ৰা কৰে শিল্পী অপূৰ্ব বেজবৰুৱাই । নৱগ্ৰহত প্ৰিয় শিল্পীগৰাকীক অন্তিম বিদায় জনাবলৈ মন্ত্ৰী বিমল বৰা, আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট শিল্পী লোকনাথ গোস্বামী, সংগীতা কাকতি, বিহু সম্ৰাট খগেন গগৈ আদিকে ধৰি ভালেসংখ্যক গুণমুগ্ধ উপস্থিত থাকে ।

উল্লেখযোগ্য যে এইগৰকী বিশিষ্ট শিল্পীলৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ শিল্পী পেঞ্চন আগবঢ়াইছিল যদিও সেয়া গ্ৰহণ কৰাৰ পূৰ্বেই তেওঁ নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ'ল । ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ চিকিৎসাধীন হৈ থকা অৱস্থাত হোৱা পৰিয়ালৰ সকলো ব্যয় চৰকাৰৰ ফালৰ পৰা ঘূৰাই দিয়া হ’ব ।

লগতে পঢ়ক :শিল্পী অপূৰ্ব বেজবৰুৱা আৰু নাই

ABOUT THE AUTHOR

...view details