অসম

assam

ETV Bharat / state

শেষযাত্ৰাত গীৰ্জাত গুণমুগ্ধই শ্ৰদ্ধা জনালে চিৰতৰুণক - ৰুক্মিণীগাঁও

খ্ৰীষ্টান ধৰ্মীয় অগনন লোক সমবেত হয়হি পবিত্ৰ গীৰ্জাঘৰত । দিনৰ প্ৰায় 11 বজাত গগৈৰ পাৰ্থিৱ শৰীৰ লৈ অনা হয় ৰুক্মিণীগাঁৱৰ গীৰ্জালৈ । গীৰ্জাত খৃষ্ট ধৰ্মীয় ৰীতি-নীতি অনুসৰি জন নেতাগৰাকীক মাংগলিক বিধানেৰে শেষ বিদায় আৰু আশীৰ্বাদ জনোৱা হয় ৷

পবিত্ৰ গীৰ্জাত আশীৰ্বাদ লৈ অনন্তধামলৈ অন্তিম যাত্ৰা তৰুণ গগৈৰ
পবিত্ৰ গীৰ্জাত আশীৰ্বাদ লৈ অনন্তধামলৈ অন্তিম যাত্ৰা তৰুণ গগৈৰ

By

Published : Nov 26, 2020, 1:18 PM IST

গুৱাহাটী,26 নৱেম্বৰ: জীৱিত কালত তৰুণ গগৈৰ ইচ্ছা আছিল-মৃত্যুৰ পিছত যেন গগৈৰ মৃতদেহ লৈ যোৱা হয় প্ৰতিটো ধৰ্মৰ উপাসনাথলীলৈ । সেয়ে পৰিয়ালৰ সদস্যই সেই অন্তিম ইচ্ছা যথা ৰীতি বৃহস্পতিবাৰে পালন কৰে । চিতাত উঠোৱাৰ পূৰ্বে অগণন গুণমুগ্ধই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পাৰ্থিৱ শৰীৰ লৈ যায় মন্দিৰ-মছজিদ-গীৰ্জা-নামঘৰলৈ । বৃহস্পতিবাৰে পুৱা দিশপুৰৰ চৰকাৰী আৱাসত পৰিয়ালে গগৈৰ নশ্বৰ দেহত ধৰ্মীয় ৰীতি-নীতি অনুসৰি সকলো মাংগলিক ক্ৰিয়া-কৰ্ম কৰি শেষ বিদায় জনোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ অনা হয় ৰুক্মিণী গাঁৱৰ গীৰ্জালৈ ৷

অনন্তধামলৈ অন্তিম যাত্ৰা তৰুণ গগৈৰ

পুৱাৰে পৰা খ্ৰীষ্টান ধৰ্মীয় অগনন লোক সমবেত হয়হি পবিত্ৰ গীৰ্জাঘৰত । দিনৰ প্ৰায় 11 বজাত গগৈৰ পাৰ্থিৱ শৰীৰ লৈ অনা হয় ৰুক্মিণীগাঁৱৰ গীৰ্জালৈ । গীৰ্জাত খৃষ্ট ধৰ্মীয় ৰীতি-নীতি অনুসৰি জন নেতাগৰাকী মাংগলিক বিধানেৰে শেষ বিদায় আৰু আশীৰ্বাদ জনোৱা হয় ৷

প্ৰথমে গীৰ্জাত আশীৰ্বাদ গ্ৰহণৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ লৈ যোৱা হয় জুৰোডৰ নামঘৰ, আমবাৰীৰ বুঢ়া মছজিদ, উগ্ৰতাৰা মন্দিৰ আৰু শুক্ৰেশ্বৰ মন্দিৰলৈ ।

লগতে চাওকঃনৱগ্ৰহত চিৰদিন লৈ শুই পৰিব চিৰতৰুণ

ABOUT THE AUTHOR

...view details