অসম

assam

ETV Bharat / state

মিটনী শ্ৰী শ্ৰী জগন্নাথ ধামৰ দৌল মহোৎসৱৰ সামৰণি - দৌল মহোৎসৱ

৬৫৪ তম বৰ্ষ গৰকা এই দৌলমহোৎসৱৰ অন্তিমটো দিনত শ্ৰী জগন্নাথ মহাপ্ৰভূৰ ঘুনুচা গমন কাৰ্যসূচীৰ লগতে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়

দৌল মহোৎসৱৰ অন্তিমটো দিন

By

Published : Mar 24, 2019, 9:38 PM IST

গুৱাহাটী, 24 মাৰ্চ : পাঁচকুছি ৰাইজৰ উদ্যোগত আৰু বৃহত্তৰ ডিমৰীয়া ৰাইজৰ সহযোগত মিটনী শ্ৰী শ্ৰী জগন্নাথ ধামত পাঁচদিনীয়াকৈ আয়োজন কৰা দৌলমহোৎসৱৰ আজি অন্তিমটো দিন । ৬৫৪ তম বৰ্ষ গৰকা এই দৌলমহোৎসৱৰ অন্তিমটো দিন উপলক্ষে দেওবাৰে শ্ৰী জগন্নাথ মহাপ্ৰভূৰ ঘুনুচা গমন কাৰ্যসূচীৰ লগতে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । এই ধৰ্মীয় শোভাযাত্ৰা ঘুনুচা দেৱীৰ মন্দিৰৰ পৰা সোণাপুৰ, যোৰাবাট হৈ জগন্নাথ ধামলৈ উলিওৱা হয় । ঐতিহ্য ৰক্ষা কৰি পালন কৰি অহা এই দৌলমহোৎসৱৰ সামৰণি দিনটোত উচাহ-উদ্দীপনাৰে ফাকু গুৰিৰে ৰঙৰ খেলা খেলি আনন্দ মতলীয়া হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷

দৌল মহোৎসৱৰ অন্তিমটো দিন

ABOUT THE AUTHOR

...view details