গুৱাহাটী, ১২ ছেপ্টেম্বৰ :সমাগত গণেশ চতুৰ্থী । এইবাৰ গণেশ চতুৰ্থীত প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা যাব গণেশ দেৱতাৰ এটা বৃহৎ মৃন্ময় মূৰ্তি । সম্ভৱতঃ এইটোৱেই হ’ব ৰাজ্যৰ প্ৰথমটো বৃহৎ গণেশ দেৱতাৰ অস্থায়ী মূৰ্তি । গণেশ চতুৰ্থী উপলক্ষে মহানগৰীৰ ফটাশিলত বিগত ডেৰমাহে নিৰ্মাণ কৰি থকা হৈছে এই মূৰ্তিটো ।
প্ৰায় দুই লাখ টকা ব্যয় সাপেক্ষে ৩০ ফুট উচ্চতাৰ আৰু ১৮ ফুট বহল গণেশৰ মূৰ্তিটোৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । বিগত ডেৰ মাহ ধৰি কলকাতাৰ ৯ গৰাকী মৃৎশিল্পীয়ে নিৰ্মাণ কৰি আছে মূৰ্তিটো । বাঁহ, খেৰ, মাটিৰে নিৰ্মাণ কৰা গণেশ দেৱতাৰ মূৰ্তিটোত সম্প্ৰতি অন্তিম পৰশ দিয়াত ব্যস্ত হৈ আছে মৃৎশিল্পীসকল ।
গুৱাহাটী মহানগৰীৰ ফটাশিলৰ বি আৰ আম্বেদকাৰ যুৱ ক্লাবৰ উদ্যোগত জি এম চি নিউ কলনি ড৹ বি আৰ আম্বেদকাৰ পথত বিগত বছৰবোৰ দৰে এইবাৰো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে । আগন্তুক ১৯ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ মুঠ ৯ দিনীয়া কাৰ্যসূচীৰে ফটাশিলত ৩৭ সংখ্যক গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে ।