অসম

assam

ETV Bharat / state

Foreign cigarettes seized: গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমানৰ বিলাতী চিগাৰেট জব্দ

অসমলৈ নিতৌ গোপনে সৰবৰাহ হৈ আছে বিলাতী চিগাৰেট (Smuggling of foreign Cigarette in Assam)। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ নিশ্চিদ্ৰ তালাচীৰ মাজতেই দুষ্ট চক্ৰই চলাই আছে এনে বেহা । ইয়াৰ মাজতেই গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ বিলাতী চিগাৰেট(Foreign cigarettes seized in Guwahati rail station)।

guwahati
Crime in Guwahati:ৰে'ল ষ্টেচনত বৃহৎ পৰিমানৰ বিলাতী চিগাৰেট জব্দ

By

Published : Jul 12, 2022, 2:13 PM IST

গুৱাহাটী, ১২জুলাই:অসমলৈ নিতৌ গোপনে সৰবৰাহ হৈ আছে বিলাতী চিগাৰেট (Smuggling of foreign Cigarette in Assam)। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ নিশ্চিদ্ৰ তালাচীৰ মাজতেই দুষ্ট চক্ৰই চলাই আছে এনে বেহা । বিশেষকৈ সৰবহাহকাৰীয়ে ৰে'লেৰে এই বেহা চলাই আহিছে । ইয়াৰ মাজতেই গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ বিলাতী চিগাৰেট( Foreign Cigarette seizure in Guwahati rail station)।

আৰক্ষীৰ অভিযানত ১৩৩ টা চিগেৰেটৰ বান্দিল জব্দ কৰা হয় । সূত্ৰ অনুসৰি প্ৰতিটো বান্দিলত ১০ পেকেটকৈ চিগাৰেট আছে । প্ৰতিপেকেট চিগাৰেটৰ মূল্য ২০০ টকা বুলি জানিব পৰা গৈছে ৷

এক গোপন সূত্ৰত ভিত্তিত গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে পুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ কৰে অবৈধ বিলাতী চিগাৰেটখিনি (GRP seized illegal foreign cigarettes)। ৰে'লৱে আৰক্ষীয়ে সদৰি কৰা মতে, ডিমাপুৰৰ পৰা হাওৰালৈ নিবলৈ আনিছিল উক্ত চিগাৰেটখিনি । ৰে'লৱে আৰক্ষীয়ে চিগাৰেটখিনি জব্দ কৰাৰ লগতে সৰবৰাহকাৰী এজনকো গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।

ধৃত সৰবৰাহকাৰীজন দক্ষিণ ভাৰতৰৰ তিৰোভল্লমৰ পনীৰছেলভাম ৰংগস্বামী (Panneerselvam Rangasamy) বুলি ৰে'লৱে আৰক্ষীয়ে সদৰি কৰিছে । উল্লেখ্য় যে ধৃত লোকজনে এটা ট্ৰাংক আৰু বেগত ভৰাই আনিছিল অবৈধ চিগাৰেটখিনি।

লগতে পঢ়ক:Cyber crime in Guwahati: কামৰূপ মহানগৰ উপায়ুক্তৰ নামত ধন দাবী

For All Latest Updates

ABOUT THE AUTHOR

...view details