গুৱাহাটী, ১৮ অক্টোবৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজাৰ মাজতে বৰাক উপত্যকা ভ্ৰমণ কৰি অহাৰ পিছতে দেওবাৰে কাছাৰ জিলাৰ দুটা বঙালী সংগঠনে অসমীয়া ভাষাৰ চৰকাৰী ফলকত ছাই সানি অসমীয়া জাতীয়তাবাদৰ বিৰুদ্ধে গোঁজৰি উঠা কাৰ্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বহুজনেই কৈছে, কা'ৰ জৰিয়তে বিজেপিয়ে দেখুওৱা এক বিশেষ ভাষা ভাষী লোকৰ প্ৰীতিৰ এয়া বিষময় পৰিণতি।
বৰাকৰ দুটা বাঙালী সংগঠন ক্ৰমে বৰাক ডেমক্ৰেটিক য়ুথ ফ্ৰন্ট আৰু সদৌ বঙালী ছাত্ৰ-যুৱ সন্থাৰ একাংশ নেতাই দেওবাৰে শিলচৰ ৰেল ষ্টেচনত লগাই থোৱা অসম চৰকাৰৰ জলজীৱন মিছনৰ অসমীয়া ভাষাত লিখা ফলক সমূহত ছাই সানি অসমীয়া জাতীয়তাবাদ বিৰোধী শ্লোগানেৰে ষ্টেছন চৌহদ উত্তপ্ত কৰি তোলে ।
কেৱল সেয়ে নহয়, সংগঠন দুটাৰ নেতা ক্ৰমে কল্পাৰ্ণৱ গুপ্তা আৰু ৰাজু দেৱে কয় যে, বৰাক উপত্যকাত বঙালী ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি ১৯৬১ চনত শিলচৰ ষ্টেচনতে ১১ জনকৈ বাঙালী ভাষী লোকে প্ৰানাহুতি দিছিল । কিন্তু তাৰ পিছতো বৰাকত অব্যাহত আছে অসমীয়াৰ ভাষিক জাতীয়তাবাদ ।
বাঙালী নেতাৰ এই ভাষ্যৰ বিপৰীতে এতিয়া অৱধাৰিত ভাৱেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰমুখ্যে প্ৰতিটো জাতীয় দল-সংগঠন । বাংলা আৰু অসমীয়া ভাষাৰ মাজৰ সংঘাত আজিৰ কথা নহয় । বাঙালী ভাষাৰ আগ্ৰাসনৰ পৰা অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়া জাতিয়ে বিগত সময়ছোৱাত একাধিকবাৰ আন্দোলনৰ পথ লৈ ৰাজপথলৈ আহিবলগীয়া হৈছে ।
ভাষা আন্দোলনৰ সেই দিনবোৰ আজিও সজীৱ হৈ আছে অসমীয়াৰ মনত । ইয়াৰ পিছত দেওবাৰৰ ঘটনাৰ পিছতে প্ৰতিজন অসমীয়াই আকৌ এবাৰ বুজিব পাৰিছে যে অসমৰ মাটিত অসমীয়া ভাষাৰ ভৱিষ্যৎ এতিয়াও সুৰক্ষিত নহয় । এই ঘটনা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে অসমৰ মাটিত অসমীয়া ভাষাক অপদস্থ কৰা কাৰ্যক কেতিয়াও মানি লোৱা নহ'ব ।