গুৱাহাটী, 26মেঃকেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মঙলবাৰে পুৱা পাঞ্জাবাৰীৰ বিষ্ণুনগৰৰ এটা পৰিয়ালৰ পাকঘৰত ওপৰৰ গাৰ্ড ৱাল আৰু পাহাৰৰ মাটি খহি পৰে ৷ যাৰ ফলত পৰিয়ালটোৰ পাকঘৰৰ দেৱাল ভাঙি যোৱাৰ বাবে বিস্তৰ ক্ষতি সাধন হয় । অৱশ্যে এই ঘটনাত কোনো লোকে হতাহত হোৱা নাই যদিও ভূমিস্খলনৰ ফলত দেৱনাথ নামৰ ব্যক্তিজনৰ পাকঘৰৰ দুটা গেছ ছিলিণ্ডাৰ, বাচন বর্তন আদিকে ধৰি বহু খাদ্য সামগ্ৰী মাটিৰ তলত পোত যায় ।
মহানগৰীৰ পাঞ্জাবাৰীত ভয়ংকৰ ভূমিস্খলন
মহামাৰী কৰ‘ণা ভাইৰাছে আতংক সৃষ্টি কৰাৰ সময়তে গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।
পাঞ্জাবাৰী বিষ্ণুনগৰৰ নিবাসী ধনঞ্জয় দেৱনাথৰ পৰিয়ালটোৱে মঙলবাৰে পুৱা শুই থকা অৱস্থাতে ৬ বজাত এটা হঠাৎ এটা প্ৰকাণ্ড শব্দ শুনি সাৰ পায় আৰু উঠি আহি পাকঘৰৰ দেৱাল ভাঙি পাহাৰৰ ওপৰৰ মাটি আৰু শিল সোমাই থকা দেখা পায় । আতংকিত হৈ পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় । আৰক্ষীৰ প্ৰাথমিক তদন্তত ধনঞ্জয় দেৱনাথৰ ঘৰৰ ওপৰত থকা বিপিন শৰ্মা নামৰ লোকজনে ঘৰৰ চৌহদত অবিজ্ঞানসন্মতভাৱে নিৰ্মান কৰা গাৰ্ড ৱাল খহি যোৱাৰ বাবে পাহাৰৰ শিল মাটি বাগৰি পৰে বুলি নিশ্চিত হয় । আৰক্ষীয়ে দুয়োটা পৰিয়ালক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় । আনহাতে বিপিন শৰ্মাৰ নির্মীয়মান অট্টালিকাটো যি কোনো মুহূৰ্তত খহি যাব পাৰে বুলি স্থানীয় লোকে আশংকা প্ৰকাশ কৰিছে ।
লগতে পঢ়কঃ সঞ্জয় মিশ্ৰাৰ ‘ৱাহ জিন্দেগী’লৈ স্বদেশী জাগৰণ মঞ্চৰ আৰ্থিক সমৰ্থন