অসম

assam

ETV Bharat / state

Rape in Guwahati : মহানগৰীত নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ ভাড়াঘৰৰ মালিকৰ - বিৰুৱাৰীৰ ভাস্কৰ গেছ এজেঞ্চি

মহানগৰীত ভাড়াঘৰৰ মালিকৰ কামনাৰ বলি হ’ল নৱম শ্ৰেণীৰ ছাত্ৰী ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰীগৰাকীক কৰিলে ধৰ্ষণ (Rape in Guwahati)৷ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চপাৰ পাছতো এই পৰ্যন্ত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ধৰ্ষণকাৰী দিগন্ত দাসক ৷

Rape in Guwahati
মহানগৰীত নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ ভাড়াঘৰৰ মালিকৰ

By

Published : Feb 6, 2023, 8:43 PM IST

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল নিকৃষ্ট কাণ্ড ৷ ভাড়াঘৰৰ মালিকৰ কামনাৰ বলি হ’ল এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী ৷ মহানগৰীৰ বিৰুৱাৰীত সংঘটিত হয় লজ্জাজনক ঘটনাটো ৷ আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকাই সৃষ্টি কৰি ৰহস্যৰ ৷

যোৱা দুই ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীত সংঘটিত হ’ল আন এক জঘন্য ঘটনা ৷ এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক ভাড়াঘৰৰ মালিকে ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হয় (Rape in Guwahati)৷ উক্ত জঘন্য ধৰ্ষণৰ ঘটনা সংঘটিত হয় গুৱাহাটী মহানগৰীৰ বিৰুৱাৰীৰ ভাস্কৰ গেছ এজেঞ্চিৰ (Bhaskar Gas Agency) সমীপত ৷ যোৱা দুই ফেব্ৰুৱাৰীত ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ মালিক দিগন্ত দাসে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে (Class 9 Girl raped in Guwahati)৷

ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে পল্টনবজাৰ আৰক্ষী থানাত (Paltan Bazar Police Station) এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ ভুমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে পৰিয়ালৰ লোক ৷ এজাহাৰ দাখিল কৰাৰ পাছৰে পৰা পলাতক অৱস্থাত থকা অভিযুক্ত দিগন্ত দাসক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ঘটনাৰ বিৱৰণ অনুসৰি নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে দুই ফেব্ৰুৱাৰীত বিদ্যালয়ৰ পৰা আহি ঘৰৰ ছাদত কাপোৰ মেলিবলৈ গৈছিল ৷ সেই সময়ত ছাত্ৰীগৰাকীৰ ঘৰত কোনো নথকাৰ লগতে দিগন্ত দাসৰ ঘৰতো কোনো নাছিল ৷ তাৰে সুযোগ লৈ ভুক্তভোগী ছাত্ৰীগৰাকীক দিগন্ত দাসে তেওঁৰ ঘৰলৈ মাতি আনি ধৰ্ষণ কৰে ৷

সমগ্ৰ ঘটনা ভুক্তভোগী ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক জনোৱাৰ পাছতে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহয় পৰিয়ালটো ৷ ঘটনাটো সংঘটিত হোৱা ৬ দিন উকলাৰ পাছত সোমবাৰে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷

উল্লেখ্য যে অসম আৰক্ষীয়ে ৰাজ্যত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস হোৱা বুলি দাবী কৰি আহিছে যদিও দৈনিক মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা ৰাজ্যত সংঘটিত হৈ আহিছে ৷ ইয়াৰ জ্বলন্ত উদাহৰণ দুই ফেব্ৰুৱাৰীত সংঘটিত উক্ত ঘটনা ৷ আনহাতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাই ঘনীভূত কৰিছে ৰহস্য ৷

লগতে পঢ়ক :Drugs Seized in Tezpur: তেজপুৰত একে নিশাই ড্ৰাগছসহ 8 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details