গুৱাহাটী, 13 ফেব্ৰুৱাৰী :শনিবাৰে মহানগৰীৰ সাহিত্য সভা ভৱনত এক অভিৱৰ্তনৰ জৰিয়তে উচ্ছেদিত লোকৰ ভূমি পট্টাৰ দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে ৷ উক্ত অভিৱৰ্তনত সাংবাদিকক সম্বোধন কৰি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ নেতৃত্বই কয়, 'চৰকাৰে উচ্ছেদৰ বিপৰীতে উচ্ছেদিত লোকক ভূমি পট্টা প্ৰদান কৰক ৷ ৰাজধানী মহানগৰীত ৮৫ হাজাৰ পৰিয়ালৰ ভূমি পট্টা নাই ৷'
বিগত ১৮ বছৰ ধৰি মহানগৰৰ ১৮ খন পাহাৰত ৬৫ হাজাৰ লোকে ভূমি পট্টা নোহোৱাকৈ বাস কৰি আছে ৷ মহানগৰীত পট্টা বিচাৰি ইতিমধ্যে ২২ হাজাৰ লোকে আৱেদন কৰিছে বুলি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ নেতৃত্বই মন্তব্য প্ৰকাশ কৰে ৷