অসম

assam

ETV Bharat / state

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ মূল্য ! - Assam Government has fixed new Circle wise land prices

নিজস্ব আয় বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন ক্ষেত্রত কৰ-কাটলৰ বোজা জাপি দিয়াৰ পিছত এইবাৰ মাটিৰ মূল্য বৃদ্ধিৰে ৰাজ্যবাসীক সোধাব মাধমাৰ (Land prices to rise in Assam)। ইয়াৰ বাবে ৰাজহ বিভাগে ৰাজ্যৰ বিভিন্ন জিলাৰ মাটিৰ মূল্য নতুনকৈ নিৰ্ধাৰণ কৰি এক খচৰা প্রস্তাৱ যুগুত কৰি উলিয়াইছে । ৫০ ৰ পৰা ৩০০ শতাংশলৈ বৃদ্ধি পাব মাটিৰ মূল্য । মহানগৰ জিলাৰ ৫ টা ৰাজহ চক্ৰ এলেকাত পৃথক পৃথক মূল্য নির্ধাৰণৰ সিদ্ধান্ত(Assam Government has fixed new Circle wise land prices) । মহানগৰীত ৭০ৰ পৰা ৩০০ শতাংশ বৃদ্ধি পাব মাটিৰ মূল্য ।

Land price
ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ মূল্য

By

Published : Jan 4, 2022, 4:08 PM IST

গুৱাহাটী,৪ জানুৱাৰী : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ মূল্য (Land prices to rise in Assam)। কৰ-কাটল বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে নিত্য নতুন কৌশল অৱলম্বন কৰি আহিছে । নিজস্ব আয় বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন ক্ষেত্রত কৰ-কাটলৰ বোজা জাপি দিয়াৰ পিছত এইবাৰ মাটিৰ মূল্য বৃদ্ধিৰে ৰাজ্যবাসীক সোধাব মাধমাৰ । ইয়াৰ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে ৰাজ্যৰ বিভিন্ন জিলাৰ মাটিৰ মূল্য নতুনকৈ নিৰ্ধাৰণ কৰি এক খচৰা প্রস্তাৱ যুগুত কৰি উলিয়াইছে (Assam Government has fixed new Circle wise land prices) ।

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ মূল্য

ৰাজ্যখনৰ উদ্যোগক্ষেত্র, চাহ বাগান এলেকা, ব্যৱসায়িক এলেকা, কৃষি ভূমি, আবাসিক এলেকা আদিৰ মাটিৰ মূল্য সুকীয়া সুকীয়াকৈ নিৰ্ধাৰণ কৰি বিভাগটোৱে প্ৰস্তুত কৰি উলিওৱা এই খচৰা প্রস্তাৱ সন্দৰ্ভত ১০ জানুৱাৰীৰ ভিতৰত সৰ্বসাধাৰণ ৰাইজক নিজৰ নিজৰ জিলা উপায়ুক্তৰ ওচৰত ওজৰ-আপত্তি দাখিল কৰিবলৈ আহ্বান জনাইছে । এই খচৰা প্ৰস্তাৱ অনুসৰি কামৰূপ মহানগৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰ এলেকাত পৃথকে পৃথকে মূল্য নির্ধাৰণ কৰা হৈছে (Assam Government has fixed new Circle wise land prices) । মহানগৰ জিলাখনত ৭০ৰ পৰা ৩০০ শতাংশ পর্যন্ত মাটিৰ মূল্য নির্ধাৰণ কৰা হৈছে ।

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ মূল্য

ৰাজ্যৰ বাকী জিলাসমূহত ৫০ পৰা ১৫০ শতাংশলৈ মূল্য নির্ধাৰণ কৰা হৈছে । ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা এই প্রস্তাৱ চূড়ান্ত হ'লেই ৰাজ্যত বৃদ্ধি পাব মাটিৰ খাজনা, ফ্লেট আদিৰ ৰাজহৰ পৰিমাণো ।

উল্লেখ্য যে কামৰূপ মহানগৰ জিলাত পাঁচটা ৰাজহ চক্র আছে । এই ৰাজহ চক্ৰকেইটা হ'ল ক্রমে গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰা । ৰাজহ বিভাগে প্রস্তুত কৰা নতুন প্রস্তাৱ অনুসৰি গুৱাহাটী ৰাজহ চক্ৰত গুৱাহাটী চহৰৰ ১, ২, ৩, ৪, ৫, ৬, ৭, ৮ অংশৰ উদ্যোগক্ষেত্র এলেকাত মাটিৰ মূল্য ১৭০ শতাংশৰ পৰা ২৬০ শতাংশলৈ বৃদ্ধি কৰা হৈছে ।

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ মূল্য

উদাহৰণ স্বৰূপে গুৱাহাটী চহৰৰ ৩ নং অংশত পূর্বৰ মাটিৰ মূল্য আছিল প্রতি কঠাত ৫০ লাখ টকা । নতুন প্রস্তাৱ অনুসৰি কৰা হৈছে দুই কোটি টকা । খাৰঘুলি এলেকাৰ উদ্যোগক্ষেত্রৰ পূৰ্বৰ মাটিৰ মূল্য ২০ লাখ টকাৰ পৰিবৰ্তে কৰা হৈছে ৫৫ লাখ টকা । নুনমাটিত পূৰ্বৰ ১৫ লাখ টকাৰ পৰিবর্তে কৰা হৈছে ৬০ লাখ টকা ।

জালুকবাৰীত পূৰ্বৰ ৮ লাখ টকাৰ পৰিবৰ্তে কৰা হৈছে ৩৭ লাখ টকা । গুৱাহাটী ৰাজহ চক্ৰ এলেকাত ব্যৱসায়িক এলেকাৰ মাটিৰ মূল্য ১১০ শতাংশৰ পৰা ২৮৯ শতাংশলৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে । প্রস্তাৱ অনুসৰি চহৰৰ গুৱাহাটীৰ ৮ টা অংশৰ লগতে উলুবাৰী, খাৰঘুলি, নুনমাটি, চুনচালি, জালুকবাৰী, শদিলাপুৰ, বামুণীমৈদাম, গোটানগৰ, বৰাগাঁও,মালিগাঁও, ভৰলুমুখ, কামাখ্যা আদিৰ ব্যৱসায়িক এলেকাৰ মাটিৰ মূল্য চাৰিটা শ্রেণীত ভাগ কৰি নিৰ্ধাৰণ কৰা হৈছে । সেইমৰ্মে গুৱাহাটী ৰাজহ চক্ৰৰ আৱাসিক এলেকাৰ ভূমিও চাৰিটা শ্ৰেণীত ভাগ কৰি মূল্য নির্ধাৰণ কৰা হৈছে ।

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ মূল্য

আৱাসিক এলেকাৰ ভূমিৰ মূল্যও এশ শতাংশৰ পৰা দুশ শতাংশলৈ বৃদ্ধি কৰা হৈছে । পূর্বৰ প্রতি কঠাত প্রথম শ্রেণীৰ ভূমি ৫০ লাখ টকাৰ পৰিৱৰ্তে এক কোটি টকা কৰা হৈছে । উলুবাৰী অঞ্চলত প্রথম শ্রেণীৰ আৱাসিক এলেকাৰ ভূমিৰ মূল্য প্রতি কঠাত পূৰ্বৰ ২৫ লাখ টকাৰ পৰিৱৰ্তে কৰা হৈছে ৪৫ লাখ টকা । নুনমাটিত পূর্বৰ ১৫ লাখ টকাৰ পৰিৱৰ্তে কৰা হৈছে ৩০ লাখ টকা ।

চুণচালিত পূৰ্বৰ ১৫ লাখ টকাৰ পৰিৱৰ্তে কৰা হৈছে ২২ লাখ টকা । একেদৰে দিছপুৰ ৰাজহ চক্ৰ এলেকাৰ ভিতৰত ফটাশিল, বর্ষাপাৰা, জ্যোতিকুছি, খাৰঘূলি গাঁও, এক নং বোন্দা, বেতকুছি, দক্ষিণগাঁও, সাওকুছি, জাপৰিগোগ, দিছপুৰ, নৰকাসুৰ, জটিয়া, কাহিলীপাৰা, ভোগৰগাঁও, সৰুসজাই, নটবোমা, বৰসজাই, মৈদামগাঁও, বশিষ্ঠ, মঠঘৰীয়া, নুনমাটি, বীৰকুছি, হেঙেৰাবাৰী, গীতানগৰ, হাতীগাঁও, সৰুমটৰীয়া, ৰুক্মিণীগাঁও, বৰমটৰীয়া, দ্বাৰকানগৰ, খানাপাৰা, সাতগাঁও, কলিতাকুছি, বাঘৰবড়ি, ওদালবাক্ৰা, কাহিলীপাৰা, ধালবামা, জনশিমলু আদি অঞ্চলৰ উদ্যোগক্ষেত্ৰৰ ভূমি ২০০ শতাংশ, ব্যৱসায়িক এলেকাৰ ভূমি ১৫০ শতাংশ আৰু আৱাসিক এলেকাৰ ভূমিৰ মূল্য ৭০ শতাংশলৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে ।

নতুন প্রস্তাৱ অনুসৰি চন্দ্ৰপুৰ ৰাজহ চক্ৰত উদ্যোগ আৰু ব্যৱসায়িক এলেকাৰ ভূমি ৩০০ শতাংশ আৰু আৱাসিক এলেকাৰ ভূমিৰ মূল্য ২০০ শতাংশলৈ বৃদ্ধি কৰা হৈছে । আজাৰা ৰাজহ চক্ৰত এই পর্যন্ত উদ্যোগ এলেকাৰ ভূমিৰ মূল্য নতুন প্রস্তাৱত নির্ধাৰণ কৰা হোৱা নাই যদিও ব্যৱসায়িক এলেকাৰ ভূমি ১০০ শতাংশ আৰু আৱাসিক এলেকাৰ ভূমি ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে ।

মন কৰিবলগীয়া যে ৰাজহ বিভাগে প্রস্তুত কৰা এই নতুন খচৰা প্ৰস্তাৱ কাৰ্যকৰী হ'লে গুৱাহাটী মহানগৰীত মাটিৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাব । যাৰ ফলত গুৱাহাটীত বসবাস কৰিম বুলি ভৱা বহুতৰে সপোন সপোন হৈয়ে ৰ'ব । একমাত্র ৰাজহ আদায়ৰ স্বাৰ্থতে চৰকাৰে এনেদৰে মাটিৰ মূল্য বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক :Covid vaccination for teens starts in Assam : ৰাজ্যৰ ভিন্ন প্ৰান্তত সুকলমে সম্পন্ন প্ৰথমদিনাৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details