গুৱাহাটী, 8 এপ্ৰিলঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে গুৱাহাটী মহানগৰীত নৱাবৰ দেশৰ ব্যঞ্জন লৈ উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ ব্যৱসায়ীৰ এটা দল। মহানগৰীৰ মাছখোৱাত নৱাবৰ দেশৰ ব্যঞ্জন বিক্ৰী কৰা দোকানত ইফটাৰৰ বাবে সুস্বাদু ব্যঞ্জন বিচাৰি ইছলাম ধৰ্মী লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে । লক্ষ্নৌৰ বিৰিয়ানি, বিভিন্ন ধৰণৰ হালোৱা, মিঠাইৰে ইফটাৰ কৰিবলৈ মহানগৰীৰ মুছলিম লোকসকলে এই বিশেষ দোকানখনত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
যোৱা ৭ তাৰিখৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মালম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ ৰমজান। ৰমজান মাহত দিনটো উপবাসে থাকি মুছলমান লোক সকলে গধূলি ইফটাৰ গ্ৰহণ কৰি উপবাস ভংগ কৰে। ইছলাম ধৰ্মালম্বী লোকসকলৰ ইফটাৰৰ বাবে প্ৰতিবছৰে নৱাবৰ দেশ লক্ষ্নৌৰ পৰা বিভিন্ন সুস্বাদু ব্যঞ্জন লৈ মহানগৰীত উপস্থিত হয় ব্যৱসায়ীৰ দলটো। প্ৰতিবছৰে ৰমজান মাহত এমাহৰ বাবে গুৱাহাটী মহানগৰী দ্বিতীয় ঘৰ হৈ পৰে এইসকলৰ ব্যৱসায়ী বাবে। 'আনাৰসৰ হালোৱা' এইবাৰ নৱাবৰ এই সুস্বাদু ব্যঞ্জনৰ লগত নতুনকৈ সংযোজিত হৈছে।মহানগৰীৰ মাছখোৱাৰ মদিনা চুইট হাউচ নামৰ লক্ষ্নৌৰ সুস্বাদু ব্যঞ্জন বিক্ৰী কৰা এই দোকানখনত ৰমজান মাহত প্ৰতিদিনে ইফটাৰ পূৰ্বে ভিৰ কৰে ইছলাম ধৰ্মালম্বী লোকসকলে। ইফটাৰ বাবে কোনোবাই যদি কিনিছে বিৰিয়ানি, কোনোবাই আকৌ কিনিছে মিঠাই, কাৰোবাৰ পছন্দ যদি চুজিৰ হালোৱা, কাৰোবাৰ পছন্দ আকৌ মুৰ্গীৰ মাংসৰ আঞ্জা। পিছে প্ৰতিবছৰে লক্ষ্নৌৰ এই ব্যঞ্জন সমূহৰ লগত নতুনকৈ সংযোজিত হোৱা 'আনাৰসৰ হালোৱা'ৰ স্বাদ এবাৰ সকলোৱে ল'ব বিচাৰিছে, সেইহে বৃদ্ধি পাইছে 'আনাৰসৰ হালোৱা' বিক্ৰী। দীঘলীয়া শাৰী পাতি ঘণ্টাৰ পিছত ঘন্টা অপেক্ষা কৰি ৰাইজে ইফটাৰৰ বাবে ক্ৰয় কৰিছে মদিনা চুইট হাউচৰ পৰা সুস্বাদু ব্যঞ্জন।