অসম

assam

By

Published : Jun 3, 2021, 12:16 PM IST

Updated : Jun 3, 2021, 1:45 PM IST

ETV Bharat / state

"পাতাল ভৈৰৱী"ৰ স্ৰষ্টা আৰু নাই

"পাতাল ভৈৰৱী"ৰ স্ৰষ্টা সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান
"পাতাল ভৈৰৱী"ৰ স্ৰষ্টা সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

12:12 June 03

কৰ'ণাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা কথাশিল্পী তথা বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । শিক্ষাবিদ গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি এতিয়া শোক ছাঁ পৰিছে ৷ সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ৷

নিউজ ডেস্ক,3 জুন:"পাতাল ভৈৰৱী"ৰ স্ৰষ্টা প্ৰতিথযশা সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰা আৰু নাই । কালৰূপী কৰ'ণাত আক্ৰান্ত হৈ নিয়তিৰ বুকুত চিৰদিনৰবাবে নিদ্ৰামগ্ন হ’ল স্বনামধন্য সাহিত্যিকগৰাকী ৷ কৰ'ণাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য যে, শৰীৰত ক'ভিডৰ উপস্থিতি ধৰা পৰাত ২০ মে'ত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ বেয়ালৈ গতি কৰাত ২৪ মে'ত তেওঁক ক'ভিড আই চি ইউত ভৰ্তি কৰোৱা হয় । কিন্তু অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে ।

পদ্ম সন্মানেৰে সন্মানিত বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ ড৹ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে  শোকৰ ছাঁ । সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ৷ ৰাজ্যিক মৰ্যদাৰে সাহিত্যিক বৰাৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:মাজুলীত নিৰ্মাণ হৈছে ভ্ৰাম্যমান নৌকা চিকিৎসালয়

Last Updated : Jun 3, 2021, 1:45 PM IST

ABOUT THE AUTHOR

...view details