গুৱাহাটী, 8 অক্টোবৰ : মুখেৰে আখৈ ফুটা দি বিৰোধী ঐক্যৰ কথা কৈ থাকিলেও কাৰ্যতঃ কোনো এটা বিৰোধী দলে(Opposition Party)ই যে একেলগ হৈ বিজেপি(BJP) দলক প্ৰতিহত কৰাতো নিবিচাৰে সেই কথা হাতে-কামে প্ৰমাণ কৰি দেখুৱালে বিৰোধীয়ে । মূলতঃ আগন্তুক পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন(By Election)ৰ পূৰ্বেই এই কথা স্পষ্ট হৈ পৰিল ।
কংগ্ৰেছ(Congress), এ আই ইউ ডি এফ(AIUDF), বাওঁ দলসমূহ, অসম জাতীয় পৰিষদ(AJP) আৰু ৰাইজৰ দল(Raijor Dal)য়ে বিগত সময়চোৱাত বাৰম্বাৰ সুকীয়াকৈ মন্তব্য কৰি আহিছিল যে, আগন্তুক উপ-নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ হ’লে বিৰোধী শক্তিসমূহ একলগ হ’বই লাগিব ।
পিছে সেয়া যে কেৱল মুখৰ কথাহে আছিল, ভিতৰি যে কোনো এটা দলেই একেলগে যুঁজ দিয়াতো নিবিচাৰে সেয়া এতিয়া স্পষ্ট হৈ পৰিল । ইয়াৰ ফলস্বৰূপে শাসকীয় বিজেপি দল যথেষ্ট উৎফুল্লিত হৈ পৰিছে । এক কথাত পাঁচোটা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধীয়ে বিজেপিক ৱাক অভাৰ(Walk Over) দিবলৈ সাজু হৈছে বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব ।
এফালৰ পৰা যদি এই পাঁচটা সমষ্টিৰ শেহতীয়া ৰেহ-ৰূপ চোৱা যায়, তেন্তে দেখা যাব থাওৰা সমষ্টিত প্ৰথমে বিৰোধীৰ ভোট বিভিন্ন ধৰণে বিভাজিত হ’ব । কিয়নো ৰাইজৰ দলৰ ধাৰাবাহিক দাবী স্বত্বেও কংগ্ৰেছে এই সমষ্টিটো এৰি নিদিলে আৰু নিজাববীয়াকৈ মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থিত্ব দিলে । ৰাইজৰ দলেও ঘোষণা কৰিছে যে, থাওৰাত তেওঁলোকৰ প্ৰাৰ্থী হ’ব ধৈৰ্য কোঁৱৰ ।