অসম

assam

ETV Bharat / state

পল্টনবজাৰ আৰক্ষীৰ বিৰুদ্ধে লাচিত সেনাৰ ক্ষোভ - Lachit Sena against Paltan Bazar Police

মুকলি আকাশৰ তললৈ বীৰ লাচিত সেনাৰ চাৰি নেতা(4 leaders of lachit sena released from jail) । কাৰাগাৰৰ পৰা ওলাইয়েই পল্টনবজাৰ আৰক্ষীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ(Lachit Sena against Paltan Bazar Police) । গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে সংবাদমেল সম্বোধন কৰি লাচিত সেনাৰ যুটীয়া সাংগঠনিক সচিব কল্যাণ ভাগৱতীয়ে পল্টনবজাৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰে কেতবোৰ গুৰুতৰ অভিযোগ ।

lachit sena press meet at guwahati press club
পল্টনবজাৰ আৰক্ষীৰ বিৰুদ্ধে লাচিত সেনাৰ ক্ষোভ

By

Published : Sep 19, 2022, 5:13 PM IST

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: কাৰাগাৰৰ পৰা ওলাইয়েই পল্টনবজাৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে লাচিত সেনাৰ নেতাই(4 leaders of lachit sena released from jail) ৷ গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে সংবাদমেল সম্বোধন কৰি লাচিত সেনাৰ যুটীয়া সাংগঠনিক সচিব কল্যাণ ভাগৱতীয়ে কয় যে ভুৱা গোচৰত তেওঁৰ লগতে ভৈৰৱ ৰাজবংশী, দীনমণি দাস আৰু বিক্ৰম কোচক পল্টনবজাৰ আৰক্ষীয়ে তিনি ছেপ্টেম্বৰত কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল(Lachit Sena against Paltan Bazar Police) ।

ফিটনেছ চাইন্স নামৰ এটা শৰীৰ চৰ্চা কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আটাইকে ৷ তেওঁ লগতে কয় যে, পল্টনবজাৰ আৰক্ষীয়ে স্বত্বাধিকাৰীৰ সৈতে গোপন বুজাবুজি কৰি ধন দাবীকে ধৰি কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি গোচৰ ৰুজু কৰি জেললৈ পঠিয়াইছিল এই চাৰিগৰাকী নেতাক(Lachit Sena leader sent to jail in false case) ।

পল্টনবজাৰ আৰক্ষীৰ বিৰুদ্ধে লাচিত সেনাৰ ক্ষোভ

পল্টনবজাৰ আৰক্ষী থানাৰ নাকৰ তলতে অবৈধ সুৰাৰ বেহা চলি থকাৰ অভিযোগ উত্থাপন কৰে লাচিত সেনাৰ যুটীয়া সাংগঠনিক সচিব কল্যাণ ভাগৱতীয়ে ৷ চলাপাৰা দীনেশ নামৰ এজন ব্যক্তিয়ে অবৈধভাৱে সুৰাৰ বেহা চলাই থকাৰ কথাও উল্লেখ কৰে সাংগঠনিক সচিবগৰাকীয়ে । কমিচনৰ অংকত পল্টনবজাৰ আৰক্ষীয়েও অবৈধ সুৰা ব্যৱসায়ীক সহযোগ কৰা বুলি সংবাদমেলযোগে অভিযোগ কৰে ৷

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয়ত প্লেটিনাম জুবিলি পাৰ্ক উদ্বোধন সোণোৱালৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details