গুৱাহাটী, 24 নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো বৃহস্পতিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Barphukan 400 birth anniversary) । কামৰূপ মহানগৰত এইবাৰ শিশুৰ পৰা বয়সস্থ সকলো জড়িত হয় এই লাচিত বৰফুকনৰ জয়ন্তী উদযাপন অনুষ্ঠানত (Lachit Barphukan 400 birth anniversary observed in Kamrup metro) ৷
মহানগৰীত ৰাজ্যপালৰ অংশগ্ৰহণেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত জয়ন্তী পালন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ অংশগ্রহণেৰে লাচিত বৰফুকনৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ, নাটক মঞ্চস্থ, চিত্ৰাংকন প্ৰতিযোগিতা, চাইকেল ৰেলী, দৌৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় ৷ ইয়াৰ উপৰি মহানাগৰিকৰ প্ৰাত্যহিক ব্যস্ততাৰ মাজতে গছ বগোৱা, হাঁহ ধৰা, নাও খেল আদি পুৰণি ঐতিহ্যৰ খেলসমূহৰ সৈতে লোকসকলক চিনাকি কৰায় দিয়া হয় ৷
মহানগৰীত ৰাজ্যপালৰ অংশগ্ৰহণেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত জয়ন্তী পালন লাচিত জয়ন্তী উপলক্ষে ৰাজ্যপাল জগদীশ মুখীয়ে (Governor Jagadish Mukhi) পুৱা জালুকবাৰীস্থিত লাচিত বৰফুকন উদ্যানত (Lachit Barphukan park) থকা প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ লগতে ৰাজ্যপালগৰাকীয়ে দেশ মাতৃক ৰক্ষাৰ বাবে অশেষ ত্যাগ আৰু বীৰত্ব প্ৰদৰ্শন কৰি অসমৰ মান অক্ষুণ্ণ ৰখা বীৰ সেনানায়কগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷
একেদৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জ্যোতি চিত্ৰবন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত আজি ফাচী বজাৰৰ সমীপৰ লাচিত ঘাটত পুৱাৰে পৰা উদযাপন কৰা হয় বীৰ লাচিত দিৱস । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ উপৰি নিৰ্দিষ্ট বক্তা হিচাপে অসম লোকসেৱা আয়োগৰ সদস্য ড৹ নিৰঞ্জন কলিতাই অংশগ্ৰহণ কৰে ৷
এই অনুষ্ঠানত উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড৹ সুনীতা চাংকাকতি, গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত মেঘা নিধি দাহাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব বিজয়লক্ষ্মী বৰুৱা, জ্যোতি চিত্ৰবনৰ সচিব নয়না বৰাৰ লগতে কেইবাজনো গণ্যমান্য বিশিষ্ট ব্যক্তি ৷
এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰীয়ে আদৰণি ভাষন আগবঢ়ায় ৷ সভাত অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, বিক্ৰম ছেত্ৰী, সুকন্যা বৰা আদি উপস্থিত থাকে ৷ উল্লেখ্য যে 25 নৱৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া লাচিত দিৱসৰ সামৰণি অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰিব ৷
লগতে পঢ়ক:Lachit Divas 2022: লাচিতৰ মোমায়েকৰ সম্পৰ্কে বুৰঞ্জীত উল্লেখ নাই: লীলাধৰ হাজৰিকা