অসম

assam

ETV Bharat / state

Jalukbari accident : গুৱাহাটীত নিৰ্মীয়মান অট্টালিকাত দুৰ্ঘটনা, শ্ৰমিকৰ মৃত্যু - Tragic incident in Guwahati

গুৱাহাটীত মৰ্মান্তিক ঘটনা । নিৰ্মীয়মান অট্টালিকাৰ ৮ নং মহলাৰ পৰি সৰি পৰি শ্ৰমিকৰ মৃত্যু (Accident at under construction building)। ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ ।

Jalukbari accident
গুৱাহাটীত নিৰ্মীয়মান অট্টালিকাত দুৰ্ঘটনা

By

Published : Feb 11, 2023, 2:25 PM IST

গুৱাহাটী,১১ ফেব্ৰুৱাৰী :গুৱাহাটী মহানগৰীত শোকাৱহ ঘটনা (Tragic incident in Guwahati)। কৰ্মৰত অৱস্থাত অট্টালিকাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ । ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য । ঠিকাদাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিলে শ্ৰমিক আৰু স্থানীয় লোকে ।

গুৱাহাটী মহানগৰীৰ জালুকবাৰীত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো । জালুকবাৰীৰ‌ এটা নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে শ্ৰমিকজনে । জানিব পৰা মতে জালুকবাৰীত স্বস্তিক সমৃদ্ধি নামৰ এটা এপাৰ্টমেন্টৰ নিৰ্মাণকাৰ্য চলি আছিল । নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে অট্টালিকাটোৰ ৮ নং মহলাৰ পৰি সৰি পৰে শ্ৰমিকজন (Accident at under construction building)।

নিহত শ্ৰমিকজন বৰপেটাৰ চানিদুল আলী বুলি জানিব পৰা গৈছে (Labourer dies in accident in Guwahati)। ঘটনাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী । শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । জানিব পৰা মতে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰা হৈছে । ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়াও আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Tragic incident : আমগুৰিত একেলগে জ্বলিল দুই ভাতৃৰ চিতা

এই ঘটনাটোৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । একাংশ লোকে অভিযোগ কৰা মতে অট্টালিকা নিৰ্মাণত বহু নাবালকক শ্ৰমিকৰূপে নিয়োজিত কৰা হৈছে । আনহাতে নিৰ্মাণকাৰ্যত সুৰক্ষাজনিত ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপন কৰিছে ঠিকাদাৰৰ বিৰুদ্ধে ।

উল্লেখ্য যে গুৱাহাটী মহানগৰীত এই ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হোৱা দেখা যায় । একাংশ ঠিকাদাৰে কেৱল ধনৰ আশাত যধে-মধে শ্ৰমিকসকলক কামত নিয়োগ কৰে । নাবালক আৰু মহিলাসকলকো অট্টালিকা নিৰ্মাণৰ কামত ব্যৱহাৰ কৰে । যাৰ বাবে বহু সময়ত দুৰ্ঘটনা সংঘটিত হয় । ইফালে সুৰক্ষাৰ ক্ষেত্ৰতো গাফিলতি কৰা দেখা যায় । যাৰ বাবে অট্টালিকাৰ নিৰ্মাণকাৰ্যত শ্ৰমিকসকলে অতি ভয়াৱহভাৱে কৰ্মত জড়িত হৈ পৰে ।

অৱশ্যে জালুকবাৰীৰ এই ঘটনাটো কাৰ ভুলৰ বাবে সংঘটিত হৈছে সেয়া সময়ত হে লক্ষণীয় হ'ব । আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিব ইয়াৰ বাবে কোন দায়ী । কিন্তু সকলোৰে মনত প্ৰশ্ন যে আৰক্ষীৰ তদন্তৰ পাছতো কোনো প্ৰকাৰে দোষী সাৰি যাব নেকি ?

লগতে পঢ়ক :Sankaradeva Sangha Conference: শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাছ

ABOUT THE AUTHOR

...view details