গুৱাহাটী, ১৩ অক্টোবৰ : গুৱাহাটীৰ লাচিত নগৰত বৃহস্পতিবাৰে এক কৰুণ ঘটনা সংঘটিত হয় । তিনি মহলীয়া অট্টালিকাৰ পৰা পৰি নিহত হয় এজন শ্ৰমিক । শ্ৰমিকজনৰ নাম ভোলা বুলি জানিব পৰা গৈছে (Labour dies in Guwahati)।
গুৱাহাটীৰ লাচিত নগৰৰ(Lachit Nagar Guwahati) জগন্নাথ এপাৰ্টমেণ্টত সংঘটিত হয় এই শোকাৱহ ঘটনা । মহাদেৱ ডেকা নামৰ লোকজনৰ ভাতৃৰ ঘৰৰ নির্মাণকার্য চলি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা । অট্টালিকাটোৰ হাউচ নম্বৰ ৪২ৰ নিৰ্মাণকাৰ্য চলি আছিল ।