অসম

assam

ETV Bharat / state

নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যুক সাৱটি ল’লে এজন শ্ৰমিকে

গুৱাহাটী মহানগৰীৰ লালগণেশত বৃহস্পতিবাৰে নিশা নির্মীয়মান অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু বিহাৰৰ চাহিল আলী নামৰ শ্ৰমিকজনৰ ৷ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

By

Published : Oct 30, 2020, 11:46 AM IST

Labour died in Guwahati
নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যুক সাৱটি ল’লে এজন শ্ৰমিকে

গুৱাহাটী,30 অক্টোবৰ : বৃহস্পতিবাৰে নিশা গুৱাহাটী মহানগৰীৰ লালগণেশত সংঘটিত হৈছে এক কৰুণ মৃত্যু ৷ এটা নির্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যু হয় এজন শ্ৰমিক ৷ পঞ্চম মহলাত লিফটৰ কাম কৰি আছিল বিহাৰৰ চাহিল আলী নামৰ শ্ৰমিকজনে ৷ নিৰ্মীয়মান এই অট্টালিকাটোৰ গৰাকী প্ৰসেনজিৎ চক্ৰৱর্তী বুলি জানিব পৰা গৈছে ৷

নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যুক সাৱটি ল’লে এজন শ্ৰমিকে

ঘটনাস্থলীত ওদালবাক্ৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে ।

ইফালে অট্টালিকাটো চোৱা-চিতাৰ দায়িত্বত থকা লাকি, নন্দুসহ অট্টালিকাৰ গৰাকী প্ৰসেনজিতক ওদালবাক্ৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধ-পোচ ৷

লগতে পঢ়ক :মাত্ৰ ২ দিনত আৰম্ভ ১১৯ খন হাইস্কুল স্থাপনৰ কাম: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details