অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় বিদ্যালয়ত বাহাল থাকিব অসমীয়া বিষয় - ASSAM SAHITYA SABHA

বৃহস্পতিবাৰে অসম তথা উত্তৰ-পূবৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত অসমীয়া ভাষাত পাঠদান অব্যাহত থকাৰ নিশ্চিতি প্ৰদান কৰিলে কেন্দ্ৰীয় বিদ্যালয় সংস্থানে ৷ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভে বৃহস্পতিবাৰে ঘোষণা কৰিলে এই কথা ।

কেন্দ্ৰীয় বিদ্যালয়ত বাহাল থাকিব অসমীয়া বিষয়

By

Published : May 16, 2019, 7:26 PM IST

গুৱাহাটী,16মে': কেন্দ্ৰীয় বিদ্যালয় সংগঠনে উত্তৰ-পূৱৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠ্যক্ৰম অব্যহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ কার্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰী কৰে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভে । ইপিনে এই সভাতে গৰমৰ বন্ধৰ পাচতে কেন্দ্ৰীয় বিদ্যালয়সমূহত এই নিয়ম কাৰ্যকৰী কৰি অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠদান প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে । লগতে তেওঁ জনায় যে অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠ্যক্ৰমৰ বাবে শিক্ষকো নিযুক্তি কৰিব কেন্দ্ৰীয় বিদ্যালয় সংগঠনে ।

কেন্দ্ৰীয় বিদ্যালয়ত বাহাল থাকিব অসমীয়া বিষয়

কেন্দ্ৰীয় বিদ্যালয়সমূহৰ লগতে ৰাজ্যত থকা অন্যান্য শিক্ষা প্ৰতিষ্ঠানসমূহেও অসমীয়া ভাষাক তৃতীয় ভাষা হিচাপে পাঠদান কৰিব লাগিব বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ।

ABOUT THE AUTHOR

...view details