গুৱাহাটী, ২১ আগষ্ট: ৰাজ্যজুৰি আনন্দ উল্লাহৰ মাজেৰে উদযাপিত হ’ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী (Sri Krishna Janmashtami) ৷ হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰত চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষ্ণ জন্মাষ্টমীৰ আজি সামৰণি পৰে (Krishna Janmashtami celebrations at Hare Krishna Temple in North Guwahati )।
হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উপ-সভাপতি বিজয় পণ্ডিত দাসে কয়- "২০১০ চনৰ পৰা হৰে কৃষ্ণ মন্দিৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰি আহিছো । ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে যোৱা দুবছৰ নীতি-নিৰ্দেশনা মাজেৰে উদযাপন কৰা হৈছিল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ কিন্তু এইবাৰ ক’ভিড মুক্ত পৰিৱেশ হোৱাৰ বাবে ১৮-২১ আগষ্টলৈ হৰে কৃষ্ণ মন্দিৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী । ১৮-১৯ আগষ্টত লাড্ডু গোপালৰ অভিষেক হয় । ২০ আগষ্টত নন্দোৎসৱ উদযাপন কৰা হয় ৷"