গুৱাহাটী, 22 জানুৱাৰী:কৃষি প্ৰধান অসমৰ হৃৎপিণ্ড স্বৰূপ কৃষকসকলৰ মহান ত্যাগক সন্মান জনোৱাৰ উদ্দেশ্যেশুকুৰবাৰে মহানগৰীৰ পানীখাইতি স্থিত অসম ডাউন ডাউন বিশ্ববিদ্যালয়ত আত্মনিৰ্ভৰ অসমৰ আধাৰত কৃষক কলাকাৰ সন্মান প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷
ৰাজ্যৰ 17 গৰাকী সুদক্ষ কৃষক আৰু শিপিনীক 'কৃষক কলাকাৰ' আৰু 'শিপিনী কলাকাৰ' সন্মান অনুষ্ঠানটিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুঠ 17 গৰাকী সুদক্ষ কৃষক আৰু শিপিনীক 'কৃষক কলাকাৰ' আৰু 'শিপিনী কলাকাৰ' সন্মানেৰে সন্মানিত কৰা হয় ৷ অনুষ্ঠানত 'কন্যকা পাম' ৰ প্ৰতিস্থাপক তথা চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক মহান কৃষক কলাকাৰ সন্মানেৰে বিভূষিত কৰা হয়।
অনুষ্ঠানত Oryza sativa নামৰ কলা চাউল বিধৰ খেতিয়ক উপেন্দ্ৰ ৰাভা, ৰামধেনু দুগ্ধ পামৰ সভাপতি ভাৰত চন্দ্ৰ কলিতা, এৰি সূতাৰ শিপিনী সুৱলা গগৈ, চাহ খেতিয়ক টেঞ্জিং বড়োছা, বিশিষ্ট কৃষক তিলেশ্বৰ সন্দিকৈ, কল খেতিয়ক অবিনাশ দৈমাৰী, মূগা কাপোৰত 'গীতা' বাছি প্ৰখ্যাত হোৱা শিপিনী হেমপ্ৰভা চুতীয়াকে ধৰি মুঠ 17 গৰাকীক কৃষক তথা শিপিনীক 'কৃষক কলাকাৰ' আৰু 'শিপিনী কলাকাৰ' সন্মানেৰে সন্মানিত কৰা হয় ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত কুমাৰ বৰুৱা, বিশিষ্ট অভিনেতা মৃদুল ভূঞা, CEC ৰ প্ৰতিস্থাপক সভাপতি দীপাংকৰ দত্তকে আদি কৰি ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক:ৰাইজৰ দলে উন্মোচন কৰিলে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি