গুৱাহাটী,২০ জুলাই :মণিপুৰৰ অতি লজ্জাজনক আৰু অমানৱীয় ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ আহ্বান তথা কামনাৰে শাসকৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু ক্ষমতাতকৈ ৰাইজৰ জীৱন আৰু নিৰাপত্তাৰ বিষয়ত অধিক মনোযোগ দিয়াৰ দাবীত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সংগঠন দুটাই ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদকাৰীসকলে মুখত কলা কাপোৰ বান্ধি মমবাতি জ্বলাই হাতে হাতে প্লে কাৰ্ড লৈ মণিপুৰ কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰে । কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে মণিপুৰে দেশৰ প্ৰতিটো ক্ষেত্ৰলৈ নিজৰ বৰঙণি আগবঢ়াই আহিছে । মেৰি কম, মীৰা বাঈ চানু আদিৰ দৰে আন্ত:ৰাষ্ট্ৰীয় পদক বিজয়েৰে দেশক গৌৰাম্বিত কৰা ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ন্যূনতমো ব্যৱস্থা গ্ৰহণ নকৰি কেৱল ক্ষমতাৰ লালসাত গৃহযুদ্ধত ৰাজ্যখন ছাৰখাৰ হবলৈ এৰি দিয়া কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে । তেওঁ কয় যে এখন ফটো আৰু এটা ভিডিঅ’ই দেশক বিশ্বৰ আগত উলংগ কৰি দিলে । চৰকাৰখনে নিজৰ ভণ্ডামি আজি ক’ত লুকাব বুলি তেওঁ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে ।