গুৱাহাটী, 5 চেপ্তেম্বৰঃ"সদ্য প্ৰকাশিত নাগৰিক পঞ্জী অসমীয়া জাতিৰ ৰক্ষা কৱচ নহয় "৷এই মন্তব্য কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ । বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷
এন আৰ চিৰ নামত হাজেলাৰ অসমবাসীলৈ ক'লা দস্তাবেজ উপহাৰ!
বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷
ইয়াৰোপৰিও তেওঁলোকে এন আৰ চিৰ চূড়ান্ত তালিকাৰ বিষয়ে কয় যে এই তালিকা খনত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰি গৈছে আৰু সন্দেহযুক্ত নাগৰিকৰ লগতে ডি ভোটাৰ সকলৰ নাম এই তালিকাত প্ৰকাশ পাইছে৷ লগতে তেওঁলোকে কয় যে এন আৰ চিৰ নামত হাজেলাই অসমবাসীলৈ ক'লা দস্তাবেজ উপহাৰ দিলে ৷ উক্ত সংবাদমেল খনত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি প্ৰদীপ কলিতা,কাৰ্যকৰী সভাপতি মুকুল বৰা,যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ দাস,যুটীয়া সাধাৰণ সম্পাদক উৎপল বৰুৱা,নগাঁও জিলাৰ সভাপতি আবু ছিদ্দিক চৰকাৰৰ লগতে কেন্দ্ৰীয় কমিটীৰ সদস্য ভগীৰথ ডেকা উপস্থিত থাকে।