অসম

assam

ETV Bharat / state

CAB ৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদত কঁপিল গুৱাহাটী ক্লাৱ

সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও দল-সংগঠনৰ ৷ ‘ৰাজভৱন চলো’ প্ৰতিবাদৰে শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰে গুৱাহাটী ক্লাৱ ৷

By

Published : Nov 22, 2019, 11:35 AM IST

CAB ৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদত কঁপিল গুৱাহাটী ক্লাৱ

গুৱাহাটী, 22 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও দল-সংগঠনৰ ৷ ‘ৰাজভৱন চলো’ প্ৰতিবাদৰে শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰে গুৱাহাটী ক্লাৱ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰে অসমত জাপি দিব খোজা এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যেই অসমবাসীয়ে মানি নলয় ৷ এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰালৈ সংগ্ৰাম চলাই যাব বুলিও তেওঁ মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ইয়াতকৈ অধিক ভয়াৱহ আন্দোলন গঢ়ি তুলি মহাবিদ্ৰোহৰ সূচনা হ’ব ৷

CAB ৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদত কঁপিল গুৱাহাটী ক্লাৱ

ইয়াৰোপৰি অখিল গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে NRC ৰ ভিত্তিবৰ্ষ 1951 চনক লৈ প্ৰস্তুত কৰিলে অসমে আৰু অধিক বিদেশীৰ বোজা গ্ৰহণ কৰিব লাগিব ৷ কৃষক মুক্তিকে ধৰি আন কেইবাটাও দল-সংগঠনে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আৰু পঢ়কঃ ৰাজ্যজুৰি আছুৰ জোৰ সমদলঃ প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক

ABOUT THE AUTHOR

...view details