গুৱাহাটী,৮ মে':ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰলায়ৰ অধীনস্থ ফ্লীম ডীভিজনে আয়োজন কৰা ১৭ সংখ্যক মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (17th Mumbai International Film Festival) ৰ আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ "হাতী বন্ধু" । ২৯ মে’ৰ সন্ধিয়া ৫ বজাত মুম্বাইৰ ৱাৰ্লিৰ নেহৰু চেন্টাৰত মহোৎসৱ খনৰ শুভ আৰম্ভণি হ'ব আৰু ৪ জুনত অন্ত পৰিব । পৰিচালক কৃপাল কলিতাই মহোৎসৱত যোগদানৰ বাবে ইতিমধ্যে আমন্ত্ৰণ লাভ কৰিছে ।
'হাতী বন্ধু' তথ্য চিত্ৰ খনৰ মূল বিষয় হ'ল হাতী মানুহৰ সংঘাত বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা । এই সংঘাতৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণ হানি এক নিয়মীয়া ঘটনাত পৰিগণিত হৈছে । এনে এক জীয়া সমস্যাৰ পোনপ্ৰথমবাৰৰ বাবে অসমত বিশিষ্ট সমাজহিতৈষী প্ৰদীপ কুমাৰ ভূঞাৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত হাতী মানুহৰ সংঘাতৰ সমাধান সূত্ৰ উলিয়াই বিশেষ ভাৱে সফল হোৱা দেখা গৈছে ।
এই বিষয়ৰ ভেটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্য চিত্ৰ "হাতী বন্ধু"। অসমীয়া আৰু ইংৰাজী দুটা ভাষাত নিৰ্মিত হাতী বন্ধু ৰ ইংৰাজী ত নাম ৰখা হৈছে Friends of Elephant.