অসম

assam

By

Published : Feb 19, 2020, 3:03 AM IST

ETV Bharat / state

অসম আৰক্ষীক টুইটাৰ যোগে প্ৰশংসা অক্ষয় কুমাৰ আৰু কৰণ জোহৰৰ

অসম আৰক্ষীক আইন শৃংখলা নিয়ন্ত্ৰণ আৰু সুচাৰুপে ফিল্মফেয়াৰ পৰিচালনাত সহায় কৰাৰ বাবে টুইটাৰ যোগে প্ৰশংসা কৰে বলিউদৰ দুই তাৰকা অক্ষয় কুমাৰ আৰু কৰণ জোহৰে ৷ এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ প্ৰতিক্ৰিয়া ৷

Koron Johar & Akshay Kumer thanks to ASSAM POLICE on twitter
অসম আৰক্ষীক টুইটাৰ যোগে প্ৰশংসা অক্ষয় কুমাৰ আৰু কৰণ জোহৰৰ

গুৱাহাটী,18 ফেব্ৰুৱাৰী: অসম আৰক্ষীক প্ৰশংসা বলীউদৰ ‘খিলাৰী’ অক্ষয় কুমাৰ আৰু ছবি নিৰ্মাতা কৰণ জোহৰৰ ৷ গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰত অংশগ্ৰহণ কৰি মুম্বাইলৈ ঘূৰি গৈয়ে টুইটাৰত অসম আৰক্ষীক প্ৰশংসা কৰে এই দুই তাৰকাই ৷

এই সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে যে, ফিল্ম ফেয়াৰ অনুষ্ঠান অসমৰ বাবে গুৰুত্বপূৰ্ণ আছিল । ফিল্ম ফেয়াৰ বাবে পূৰ্বতেই সকলো প্ৰশাসনিক ব্যৱস্থা সুচাৰুভাৱে পৰিচালিত হৈ আছিল । কেৱল প্ৰশাসনে নহয় ৰাইজেও সহায় কৰিছে আৰক্ষীক । সকলো নিয়ম শৃংখলা সুচাৰুৰূপে পালন কৰাৰ পিছত এনেদৰে তাৰকা সকলে প্ৰশংসা কৰাত স্বাভাৱিকতে সুখী আয়ুক্ত গৰাকী । লগতে অনাগত দিনত অসম আৰক্ষীয়ে ইয়াতকৈ অধিক শৃংখলাবদ্ধ বজাই ৰাখি কাম কৰি যাব বুলি কয় আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ।

অসম আৰক্ষীক প্ৰশংসা অক্ষয় কুমাৰ আৰু কৰণ জোহৰৰ ৷ এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক:ফিল্মফেয়াৰৰ পিছত গুৱাহাটীত ক্ৰীড়াজগতৰ মহা বঁটা প্ৰদান অনুষ্ঠান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details