গুৱাহাটী, 8 আগষ্ট: গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেটৰ লগতে ATM কাৰ্ড জব্দ ৷ ৰেল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা বহুকেইখন এটিএম কাৰ্ডৰ লগতে বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট জব্দ কৰে (Korean cigarettes seized from rajdhani express) ৷
আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে নিয়মীয়া তালাচী ৰে’ল আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছৰ পৰা ৩৩ খন এটিএম কাৰ্ডসহ দুটাকৈ এটিএম হেকাৰক আটক কৰে (ATM cards seized at Guwahati Railway Station) । আটকাধীন হেকাৰ দুটা ওম সিং আৰু বিনয় কুমাৰ বুলি জানিব পৰা গৈছে ৷ ওম নামৰ হেকাৰটোৰ পৰা ২২ খন এটিএম আৰু বিনয় নামৰ হেকাৰটোৰ পৰা ১১ খন এটিএম জব্দ কৰে আৰক্ষীয়ে ৷