গুৱাহাটী, 12 ছেপ্টেম্বৰ :পুনৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটী মহানগৰ ৷ এইবাৰ সদৌ অসম কোচ ৰাজবংশী সম্মিলনীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত সোমবাৰে উত্তাল কৰি তোলে মহানগৰীৰ চচলৰ বাকৰি (Koch Rajbongshi protest against Assam Govt ) ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত কোচ ৰাজবংশীসকলে চচলৰ ধৰ্ণাস্থলীত তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
প্ৰতিবাদকাৰীসকলে শীঘ্ৰে তেওঁলোকৰ সমস্যা সমাধান নহ’লে পৰৱৰ্তী সময়ত আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰো এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে ৷ আনকি কেৱল হিন্দু ভোটৰ স্বাৰ্থত কোচ ৰাজবংশী জনগোষ্ঠীক চৰকাৰে ব্যবহাৰ কৰি আহিছে বুলিও চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে (Koch Rajbongshi protest in Guwahati) ।