অসম

assam

ETV Bharat / state

Assam Cabinet: জীৱন আহুতি দিয়া সেনা বাহিনীৰ জোৱানৰ উত্তৰাধিকাৰীক ৰাজ্য চৰকাৰৰ চাকৰি; কেবিনেটৰ সিদ্ধান্ত - চন্দ্ৰমোহন পাটোৱাৰী

শনিবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে সৱিশেষ পঢ়ক...

Assam Cabinet
Assam Cabinet

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 10:15 PM IST

শনিবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

গুৱাহাটী,২৩ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শনিবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে অৱগত কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই । কেবিনেটৰ সিদ্ধান্ত অনুসৰি মাইক্ৰ'ফাইনেন্সৰ ঋণমুক্তিৰ প্ৰমাণ পত্র হিতাধিকাৰীসকলক জিলাই জিলাই প্ৰদান কৰা হ'ব । ১৬ অক্টোবৰত জিলা সদৰত এই প্ৰমাণ পত্র প্ৰদান কৰা হ'ব । ২.২২ লাখ হিতাধিকাৰীক দিয়া হ'ব ঋণমুক্তিৰ প্ৰমাণ পত্র ।

উল্লেখ্য যে আজি জনতা ভৱনত মাইক্ৰ'ফাইনেন্সৰ ২৫ হাজাৰ টকাৰ ঋণ লোৱা ৰাজ্যৰ ২.২২ লাখ মহিলাৰ মুঠ ২৯১ কোটি টকাৰ ঋণ চৰকাৰে ঋণদাতাসকলক ঘূৰাই দিয়ে । যাৰ পৰিপ্ৰেক্ষিতত এইসকল মহিলাই সংশ্লিষ্ট প্ৰতিষ্ঠানৰ পৰা লাভ কৰিব ঋণমুক্তি প্ৰমাণ পত্র ।

বিভিন্ন জিলাত মন্ত্ৰীসকলৰ উপস্থিতত প্ৰদান কৰা হ'ব এই ঋণমুক্তি প্ৰমাণ পত্র । আনহাতে, বজালী জিলাৰ সীমা নিৰ্ধাৰণৰ বাবে আজিৰ কেবিনেটে এখন কেবিনেট উপ-সমিতি গঠন কৰি দিছে ।

যিখন সমিতিত আছে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱা । আজিৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি দেশৰ প্ৰতি নিজৰ জীৱন আহুতি দিয়া সেনা বাহিনীৰ জোৱান সকলৰ উত্তৰাধিকাৰীক ৰাজ্য চৰকাৰে চাকৰি দিব । যোগ্যতা অনুসৰি চৰকাৰী চাকৰি দিয়া হ'ব ।

আনহাতে পিক আৱাৰত প্ৰয়োজন হোৱা বিদ্যুতৰ বাবে চৰকাৰে শক্তি ক্ৰয়ৰ চুক্তি অনুসৰি ১০০ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিব আৰু ইয়াৰ বাবে কেবিনেটে অনুমোদন জনায় । উইন-চ'লাৰ হাইব্ৰিড পাৱাৰ ক্ৰয় কৰা হ'ব ।

সেইদৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি তিৱা স্বায়ত্ব শাসিত পৰিষদ ষ্টেট কেপিটেলৰ ৰিজন ডেভেলমেন্টৰ বাহিৰত থাকিব । শক্তি বিভাগৰ সংস্কাৰৰ দিশত কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি আৰ ডি এছ এছ আঁচনিৰ জৰিয়তে ৬৭ লাখ উপভোক্তাক বিদ্যুৎ সংযোগ দিয়া হ'ব ।

আজিৰ কেবিনেটে ২২ কোটি টকা ব্যয় সাপেক্ষ্যে ‘আসাম আৰবান ন'লেজ হাব’ নিৰ্মাণৰ বাবে অনুমোদন জনায় । আনহাতে কেবিনেটে মুখ্যমন্ত্রীৰ লোকসেৱক আৰোগ্য যোজনাৰ ক্ষেত্রত অনুমোদন জনায় । ইয়াৰ দ্বাৰা চিকিৎসা সেৱা লাভৰ ক্ষেত্রত চৰকাৰী কৰ্মচাৰী সকল উপকৃত হ'ব ।

আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ১৩ অক্টোবৰত ৩ লাখ ৬৯ হাজাৰ চাইকেল বিতৰণ কৰা হ'ব । নৱম শ্ৰেণীৰ ছাত্ৰীক দিয়া হ'ব এই চাইকেল । সেইদৰে অৰুণোদয় আঁচনিত ৬ লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব ।

লগতে পঢ়ক:Mukhyamantri Swaniyojan Abhiyan: মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ পঞ্জীয়ন প’ৰ্টেল মুকলি

ABOUT THE AUTHOR

...view details