গুৱাহাটী, 24 আগষ্ট:সুদীৰ্ঘ 19 বছৰৰ মূৰত ৰায়দান ধেমাজি বোমা বিস্ফোৰণকাণ্ডৰ ৷ ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক বৃহস্পতিবাৰে দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ পিচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
2004 চনৰ 15 আগষ্টত সংঘটিত ধেমাজিৰ নাৰকীয় হত্যালীলা আৰু দোষীক দোষমুক্ত কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। তেওঁ কয় যে ধেমাজিকাণ্ড সন্দৰ্ভত ধেমাজি সত্র ন্যায়াধীশৰ আদালতে ছয়জন লোকক দোষী সাব্যস্ত কৰি চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ড আৰু দুজনক চাৰিবছৰৰ কাৰাদণ্ড বিহিছিল। কিন্তু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ছয়জন অভিযুক্তকে দোষমুক্ত কৰে।
এই ৰায়দানক দুৰ্ভাগ্যজনক আখ্যা দি বিদ্যুৎ শইকীয়াই কয় যে, গণতান্ত্রিক ব্যৱস্থাত ন্যায়ালয়ে হৈছে ৰাইজৰ আশা-আকাংশা তথা ভৰসাৰ স্থল। কিন্তু এনেধৰণৰ ৰায়দানত ৰাইজ আশাহত হয়। এইক্ষেত্রত কেইবাটাও দিশ জড়িত হৈ আছে। আৰক্ষীয়ে যিদৰে তদন্ত কৰিব লাগিছিল সেইধৰণে নকৰাৰ বাবে তথা অভিযোগনামা সঠিকভাৱে নিদিয়াৰ বাবে অভিযুক্ত সাৰি যাবলৈ সক্ষম হৈছে।
ধেমাজিৰ দৰে বৰ্বৰ ঘটনাৰ যদি দোষী সাৰি যায় তেন্তে সমগ্ৰ ব্যৱস্থাটোক লৈ প্ৰশ্নৰ উদয় হয়। কণ কণ নিষ্পাপ শিশুক হত্যা কৰা ঘটনাৰ দোষী কিদৰে সাৰি যাব পাৰে বুলি প্ৰশ্ন কৰে বিদ্যুৎ শইকীয়াই। তেওঁ লগতে শেহতীয়াকৈ এহেজাৰ কোটি টকাৰ কেলেংকাৰীৰ পৰা আৰ এছ খান দোষমুক্ত হোৱাৰ ঘটনা সন্দৰ্ভতো আশ্চৰ্য্য প্ৰকাশ কৰে। সেইদৰে APSC কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালৰ ক্ষেত্রতো কোনোধৰণৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰাৰ প্ৰসংগও তেওঁ উল্লেখ কৰে। ন্যায় ব্যৱস্থাটোৰ ওপৰত কোনোবা শক্তিৰ প্ৰভাৱ পৰিছে নেকি বুলি সন্দেহ প্ৰকাশ কৰে নেতাজনে ৷