গুৱাহাটী, ৪ এপ্ৰিল :বিগত সোমবাৰে ভূমিস্খলনৰ সফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰত পাহাৰৰ বৃহৎ অংশ খহি পৰে (Landslide at Subansiri NHPC project)৷ এই ঘটনাক সন্দৰ্ভত তীব্ৰ উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, চমুকৈ KMSS । মঙলবাৰে সংগঠনটোৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজু ৰাজ বৰপাত্ৰ গোঁহাই, ৰাতুল হুচেইন, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিতু সোণোৱালে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে এক বিবৃতি ৷
এই বিবৃতিৰ জৰিয়তে KMSS এ কয়, ‘‘NHPC, কেন্দ্ৰীয় চৰকাৰে দেশ-বিদেশৰ বিশেষজ্ঞ, অসমৰ তিনিখনকৈ উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু আই আই টি গুৱাহাটীৰ অধ্যাপকক লৈ গঠিত বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ভৰিৰে মোহাৰি পেলাইছে (KMSS react on NHPC dam collapse) ৷
অসমীয়া ৰাইজৰ বান বিৰোধী জাতীয় সহমতক বুঢ়া আঙুলি দেখুৱাই ‘কা’ আন্দোলনত জাতীয় নেতৃত্বৰ সাময়িক ব্যস্ততা, ক’ভিড-লকডাউনত অসমীয়া ৰাইজক গৃহবন্দী কৰি বন্ধ হৈ থকা বান্ধটোৰ নিৰ্মাণ কাৰ্যৰ অৱশিষ্ট অংশ গোপনে নিৰ্মাণ কৰিছে ৷ ফলত উত্তৰ অসমৰ লগতে সমগ্ৰ অসমৰ ৰাইজক চুলিৰ আগত জীৱ লৈ জীয়াই থাকিবলৈ বাধ্য কৰিছে’’ ।
লগতে আৰু কয়, ‘‘ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ । বিশেষজ্ঞসকলৰ প্ৰতিটো বাক্য এতিয়া আখৰে আখৰে ফলিয়াইছে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য সংগঠন আৰু অসমবাসী ৰাইজৰ উমৈহতীয়া প্ৰবল প্ৰতিবাদৰ ফলত ২০১১ চনৰ ১৬ ডিচেম্বৰৰ পৰা নিৰ্মীয়মান সংস্থা NHPC-এ বান্ধটোৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ বাধ্য হৈছিল ৷
কিন্তু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তদানীন্তন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে গোগামুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বান্ধ ভাঙি দিয়াৰ হুংকাৰ দিছিল । তদুপৰি অৰুণাচলৰ পাচিঘাটত তেতিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে বৃহৎ নদীবান্ধ ভাঙি সৰু সৰু বান্ধ বনোৱাৰ আশ্বাস দি অসমীয়াৰ ভোট আদায় কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ পাচত নিৰ্বাচনৰ পূৰ্বে কৰা প্ৰতিবাদ, প্ৰতিশ্ৰুতিক পাহৰণিৰ গৰ্ভলৈ ঠেলি দি বাকী থকা অংশটোহে সম্পূৰ্ণ কৰাতহে উঠিপৰি লাগিল’’ ৷