অসম

assam

By

Published : Feb 24, 2022, 5:01 PM IST

ETV Bharat / state

KMSS protest meeting in Sachal: থলুৱাক প্ৰদান কৰক ভূমি পট্টা: কৃষক মুক্তি সংগ্ৰাম সমিতি

আজি জাতীয় বীৰ শ্বহীদ প্ৰণৱ বড়োৰ অষ্টম মৃত্যু বাৰ্ষিকী (Death anniversary of martyr Pranab Boro) ৷ শ্বহীদগৰাকীৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি মহানগৰী চচলৰ ধৰ্ণাস্থলীত আয়োজন কৰা হয় এক প্ৰতিবাদী সভাৰ (KMSS protest meeting in Sachal) ৷ এই সভাতে বীৰ শ্বহীদগৰাকীক স্মৰণ কৰি প্ৰতিবাদস্থলীতে উচুপি উঠিল শ্বহীদ প্ৰণৱ বড়োৰ পত্নী ৷

KMSS protest at sosol
আজি জাতীয় বীৰ শ্বহীদ প্ৰণৱ বড়োৰ অষ্টম মৃত্যু বাৰ্ষিকী

গুৱাহাটী, ২৪ফেব্ৰুৱাৰী : প্ৰতিবাদস্থলীতে হঠাৎ কান্দি কান্দি ঢলি পৰিল এগৰাকী মহিলা ৷ ৰাইজৰ বুজনিও যেন অসাৰ আজি তেওঁৰ বাবে ৷ কিয়নো বিগত 8টা বছৰে বুকুত লৈ ফুৰা তেওঁৰ দোষ-কষ্টৰ ভাৰ ৰাইজৰ বুজনিয়ে কৰিব নোৱাৰে শান্ত ৷

প্ৰতিবাদস্থলীত ক্ৰন্দনত ঢলি পৰা মহিলাগৰাকী হৈছে জাতীয় বীৰ শ্বহীদ প্ৰণৱ বড়োৰ পত্নী ৷ ভূমি পত্তাৰ দাবীত নিজৰ জীৱনক তুচ্ছ কৰি ৰাইজৰ হকে 8 বছৰৰ পূৰ্বে মৃত্যুক আঁকোৱালি লৈছিল শ্বহীদ প্ৰণৱ বড়োয়ে ৷ কিন্তু আজিও নিথৰুৱা হৈ আছে শ্বহীদৰ সেই পৰিয়ালটো ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে আছিল জাতীয় বীৰ শ্বহীদ প্ৰণৱ বড়োৰ অষ্টম মৃত্যু বাৰ্ষিকী (Death anniversary of martyr Pranab Boro) ৷

আজি জাতীয় বীৰ শ্বহীদ প্ৰণৱ বড়োৰ অষ্টম মৃত্যু বাৰ্ষিকী

মহানগৰী চচলৰ ধৰ্ণা স্থলীত বৃহস্পতিবাৰে জাতীয় বীৰ শ্বহীদ প্ৰণৱ বড়োৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি এখনি আয়োজন কৰা হয় এক প্ৰতিবাদী সভাৰ (KMSS protest meeting in Sachal) । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিবাদী সভাত পতাকা উত্তোলন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেবেন শৰ্মাই । ইয়াৰ পিছত শ্বহীদ প্ৰণৱ বড়োৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শ্বহীদ গৰাকীৰ পত্নী পূৰ্ণিমা বড়োৱে ।

পুষ্পঞ্জলি প্ৰদান কৰি পূৰ্ণিমা বড়োৱে স্বামীৰ স্মৃতিত উচুপি উঠে । শ্বহীদ পত্নীগৰাকীয়ে দীৰ্ঘদিন ধৰি পাহাৰ ভৈয়ামত বসবাস কৰা গুৱাহাটীৰ লোকক মাটিৰ পত্তা দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় । কিয়নো আঠ বছৰৰ পূৰ্বে মাটিৰ পত্তা দিয়াৰ দাবীত কৃষক নেতা প্ৰণৱ বড়োৱে জনতা ভৱনৰ সন্মুখত আত্মজাহ দিছিল ।

প্ৰণৱ বড়োৰ মৃত্যুৰ পিচতো ৰাজ্য চৰকাৰে ভূমিহীনক মাটি পত্তা প্ৰদান নকৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ প্ৰকাশ কৰে । অতিশীঘ্ৰে গুৱাহাটীবাসীক ভূমি পত্তা প্ৰদানৰ দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেবেন শৰ্মাই । ইপিনে গুৱাহাটী ৰে’ল ষ্টেচনৰ নামত আৱন্টিত ৫৮ বিঘা মাটি পুঁজিপতিক প্ৰদান কৰা কাৰ্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধীতা কৰে ।

হস্তান্তৰ কৰা ভূমিখিনি পুনৰ উভতাই অনাৰ বাবেও ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায় । অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক :Majuli By Election 2022: মাজুলীৰ ৰাজীৱ ভৱনত অপূৰ্ব ভট্টাচাৰ্যৰ সংবাদ মেল

ABOUT THE AUTHOR

...view details