অসম

assam

ভূমিহীনক ভূমি প্ৰদানৰ দাবীত উত্তাল চচলৰ প্ৰতিবাদ স্থলী

By

Published : Sep 13, 2022, 2:12 PM IST

Updated : Sep 13, 2022, 8:05 PM IST

গুৱাহাটীবাসীক ভূমি পট্টা প্ৰদান কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গুৱাহাটীৰ চচলৰ ধৰ্ণা স্থলীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন (KMSS protest for land)। প্ৰতিবাদকাৰীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়াৰ উপৰিও প্লে’ কাৰ্ড প্ৰদৰ্শন কৰি কঁপাই তোলে চচলৰ আকাশ বতাহ ।

KMSS protest for land
ভূমিহীনক মাটি দিয়াৰ দাবীত উত্তাল গুৱাহাটী মহানগৰী

গুৱাহাটী,১৩ ছেপ্টেম্বৰ: বিধানসভাৰ শৰৎকালিন অধিবেশনৰ (Autumn session of Assam Legislative Assembly) সময়ত পুনৰ উত্তাল হৈছে চচলৰ ধৰ্ণাস্থলী । গুৱাহাটী মহানগৰীৰ থলুৱা বাসিন্দাসকলক মাটিৰ পট্টা প্ৰদান (Protest for grant land pattas in Chaachal), চৰকাৰে উচ্ছেদ সম্পূৰ্ণ বন্ধ কৰা আৰু উচ্ছেদিত লোকক পুনৰ সংস্থাপন আৰু ক্ষতি পূৰণ দিয়াৰ দাবীত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (Protest of KMSS in Guwahati) উদ্যোগত গুৱাহাটীৰ চচলৰ ধৰ্ণা স্থলীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

প্ৰতিবাদকাৰীসকলে গুৱাহাটীবাসীক ভূমি পট্টা প্ৰদান কৰাৰ দাবী জনায় । তদুপৰি, প্ৰতিবাদকাৰীসকলক ভূমি পট্টা প্ৰদান কৰাৰ লগতে বহিৰাগত বণিয়াক ভূমি আৱন্টন দিয়া বন্ধ কৰাৰো দাবী জনাইছে । প্ৰতিবাদকাৰীসকলে ভূমি আন্দোলন জিন্দাবাদ, খিলঞ্জীয়াক ভূমি আৱন্টন দিবই লাগিব আদি বিভিন্ন শ্ল'গান দিয়াৰ উপৰিও প্লে’ কাৰ্ড প্ৰদৰ্শন কৰি কঁপাই তোলে চচলৰ আকাশ বতাহ ।

ভূমিহীনক মাটি দিয়াৰ দাবীত উত্তাল গুৱাহাটী মহানগৰী

উল্লেখ্য যে, গুৱাহাটীৰ খিলঞ্জীয়া লোকৰ ভূমিৰ সমস্যা সমধান তথা ভূমি পট্টা প্ৰদান কৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ২০১১ চনৰ পূৰ্বৰে পৰা গুৱাহাটীৰ পাহাৰ, বনাঞ্চল, জলাশয়, চৰকাৰী ভূমিত ঘৰ সাজি বসবাস কৰা পৰিয়ালক ভূমি পট্টা প্ৰদানৰ দাবী জনাই আহিছে ।

চৰকাৰে এই প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি আজি অসম বিধাসভাৰ অধিবেশনৰ দ্বিতীয় দিনা চচলত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে । বনাঞ্চলত বাস কৰা লোকসকলক বন অধিকাৰ আইন,২০০৬ৰ (Forest Rights Act 2006) প্ৰয়োগ কৰি মাটিৰ পট্টা প্ৰদান কৰা, বহিৰাগত বনিক গোষ্ঠীক ভূমি আৱন্টন দিয়া বন্ধ কৰাৰো দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:হোজাইত প্ৰায় পাঁচ লক্ষাধিক টকাৰ ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক জব্দ

Last Updated : Sep 13, 2022, 8:05 PM IST

ABOUT THE AUTHOR

...view details