অসম

assam

By

Published : Aug 22, 2020, 6:25 PM IST

ETV Bharat / state

কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলঃ অখিল গগৈ হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

2021ৰ বিধানসভা নিৰ্বাচনত পূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ সেইমৰ্মে নতুনকৈ আত্মপ্ৰকাশ হ’ব কৃষক মুক্তিৰ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ ৷ মহানগৰীৰ গান্ধীবস্তিস্থিত কাৰ্যালয়ত সংবাদমেলযোগে কৃষক মুক্তিৰ সভাপতি ভাস্কো ডি শইকীয়াই জানিবলৈ দিয়ে এই কথা ৷

KMSS pressmeet
কৃষক মুক্তিৰ সংবাদমেল

গুৱাহাটী, 22 আগষ্ট: অসমবাসীৰ জাতীয় কৰ্মসূচীলৈ ঘোষণা হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন আঞ্চলিক দল ৷ আঞ্চলিকতাবাদত বিশ্বাসী, আপোচবিহীন প্ৰতিজন অসমবাসীক লগত লৈ 2021ৰ বিধানসভা নিৰ্বাচনত পূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ শনিবাৰে মহানগৰীৰ গান্ধীবস্তিস্থিত কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াই সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৷

কৃষক মুক্তিৰ সংবাদমেল

নতুনকৈ গঠন হ’ব লগা নতুন আঞ্চলিক দলটোৰ ইতিমধ্যে সংবিধান প্ৰস্তুত কৰা হৈছে বুলিও সংবাদমেলযোগে জনালে কৃষক মুক্তিৰ সভাপতি গৰাকীয়ে৷ কৃষকনেতা গৰাকীৰ মন্তব্য, "সকলো জাতি জনগোষ্ঠী একেলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগিব ৷ আমি সমগ্ৰ অসমবাসীৰ মতামত লৈ পৰবৰ্তী সময়ত আগবাঢ়ি যাম ৷ আমাৰ উদ্দেশ্য হৈছে এক ঐক্যবদ্ধ আঞ্চলিক শক্তি গঢ়ি তোলা" ৷

কৃষক মুক্তিৰ সংবাদমেল

ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিকভাৱে আত্মনিৰ্ভৰশীল আৰু এখন ধৰ্ম নিৰপেক্ষ অসম গঢ়ি তোলাৰ লক্ষ্যৰে আত্মপ্ৰকাশ হ’ব ল’গা কৃষকমুক্তিৰ এই নতুন আঞ্চলিক দলটোত আপোচবিহীন, ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল ব্যক্তিক যোগদান কৰিবলৈ আহ্বান জনালে কৃষক নেতা গৰাকীয়ে ৷

কৃষক মুক্তিৰ সংবাদমেল

অৱশ্যে নতুনকৈ আত্মপ্ৰকাশ হ’বলগীয়া নতুন আঞ্চলিক দলটোৰ এতিয়াও নামাকৰণ কৰা নাই কৃষক মুক্তিয়ে ৷ দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহি নিজেই নতুন আঞ্চলিক দলটোৰ নাম ঘোষণা কৰিব বুলি সভাপতি ভাস্কো ডি শইকীয়াই জানিবলৈ দিয়ে ৷

কৃষক মুক্তিৰ সংবাদমেল

উল্লেখ্য যে, পূৰ্বতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ‘গণ মুক্তি সংগ্ৰাম’ নামেৰে আন এটা ৰাজনৈতিক দল গঠন কৰিছিল যদিও বৰ্তমানে গঠন হ’ব লগা দলটোৰ সৈতে পূৰ্বৰ দলটোৰ নামৰ কোনো সাদৃশ্য নাই বুলি মন্তব্য আগবঢ়ালে কৃষক নেতা গৰাকীয়ে ৷ আনহাতে নতুন আঞ্চলিক দলটোৰ মুখ্যমন্ত্ৰীৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে নিশ্চিতভাৱে কৃষক নেতা অখিল গগৈয়ে থাকিব বুলি তেওঁ এই কথা সদৰি কৰে ৷

লগতে পঢ়ক:স্বগোষ্ঠীয় নেতাইহে ঠগিছে চাহ জনগোষ্ঠীকঃ ৰাজু চাহুৰ বিস্ফোৰণ

ABOUT THE AUTHOR

...view details