অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন কৃষক বিৰোধী: ভাস্কো ডি শইকীয়া - সংবাদমেল

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেলত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনখন কৃষক বিৰোধী আখ্যা দিয়াৰ লগতে প্ৰৱৰ্তন কৰা উক্ত অধ‍্যাদেশ তিনিখন বাতিল কৰাৰ দাবী জনায় । সংগঠনটোৱে অধ‍্যাদেশ কেইখন সম্পৰ্কে ইতিমধ্যে সমগ্র দেশত গঢ়ি উঠা কৃষক বিদ্ৰোহৰ সমৰ্থন জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰক কৃষি বিৰোধী নীতি পৰিহাৰ কৰিবলৈ তীব্ৰ সকীয়নি প্ৰদান কৰে ৷‌

KMSS Pressmeet guwahati assam etv bharat news
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

By

Published : Sep 20, 2020, 6:49 PM IST

গুৱাহাটী,20 চেপ্তেম্বৰ: কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ লোকসভাত গৃহীত কৰা কৃষি আইনক কেন্দ্ৰ কৰি দেওবাৰে সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতি । কৃষক মুক্তিৰ মন্তব্য- কেন্দ্ৰীয় চৰকাৰৰ এই আইনখনে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব‍্যৱস্থাত কুঠাৰাঘাত কৰিছে । ৰাজ্যিক তালিকাৰ 14 আৰু 18 নং সূচীত কৃষি সামগ্ৰীৰ বিপণন অন্তৰ্ভুক্ত হৈ আছে । কিন্তু এতিয়া কেন্দ্ৰই ৰাজ‍্যৰ ক্ষমতা কাঢ়ি নিজৰ হাতলৈ নিছে । যিয়ে উলংঘা কৰিছে ৰাজ‍্যিক এপিএমচি আইন । এইদৰে সংবাদমেলত সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গ ৷

কৃষি আইনৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেলখনতে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এই কৃষি আইনখনক কৃষক বিৰোধী আখ্যা দিয়াৰ লগতে প্ৰৱৰ্তন কৰা উক্ত অধ‍্যাদেশ তিনিখন বাতিল কৰাৰ দাবী জনায় । সংগঠনটোৱে অধ‍্যাদেশ কেইখন সম্পৰ্কে ইতিমধ্যে সমগ্র দেশত গঢ়ি উঠা কৃষক বিদ্ৰোহৰ সমৰ্থন জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰক কৃষি বিৰোধী নীতি পৰিহাৰ কৰিবলৈ তীব্ৰ সকীয়নি প্ৰদান কৰে ৷‌

আনহাতে, কৃষক মুক্তিৰ ৰাজনৈতিক দল গঠন সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে সভাপতি ভাস্কো ডি শইকীয়াই । শইকীয়াৰ মতে, সংগঠনটোৱে এক ঐক্যবদ্ধ আঞ্চলিক দল গঠন কৰাৰ কামত আগবাঢ়িছে । বিভিন্ন জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন আৰু আঞ্চলিক দল সমূহৰ লগত আলোচনাত মিলিত হৈছে । সকলোৰে নেতৃত্বত সকলোকে সন্মান সহকাৰে প্ৰতিনিধিত্ব প্ৰদান কৰি সংগঠনটোৱে নতুন ৰাজনৈতিক দল গঠনৰ পোষকতা চলাইছে ৷

নতুন ৰাজনৈতিক দল গঠনৰ পোষকতা

লগতে চাওকঃঅসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষা বাতিল: অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details