গুৱাহাটী,19 মাৰ্চঃ মহানগৰীৰ গান্ধীবস্তিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় এক সংবাদমেল । সংবাদমেলখন সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই । অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে চৰকাৰে কাৰাৰুদ্ধ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে । নিয়াৰ আদালতে অখিল গগৈৰ জামিন মঞ্জুৰ কৰাৰ পিছত পুনৰ নতুন গোচৰত ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে কৃষক মুক্তিৰ নেতাগৰাকীক ৷ উক্ত বিষয় সন্দৰ্ভত এতিয়া সৰৱ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । কেৱল সেয়া নহয়,নিশাৰ ভাগত শিৱসাগৰৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰৰ বাবে আৰক্ষী অহাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ।
আনহাতে,তিনিচুকীয়াৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহি থকা অৱস্থাত অখিল গগৈৰ বিৰুদ্ধে প্ৰতিখন থানাত গোচৰ ৰুজু কৰা হৈছিল ৷ গগৈক বৰ্তমান ৰাষ্ট্ৰদ্ৰোহী গোচৰৰ বাবে গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে ৷ অখিল গগৈৰ বিৰুদ্ধে কোনো প্ৰমাণ নাথাকিলেও সোণোৱাল চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এটাৰ পিছত আন এটা নতুন গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰিব বুলি ক্ষোভেৰে প্ৰকাশ কৰে সভাপতিগৰাকীয়ে। গগৈৰ পিছতেবিতু সোণোৱাল,ধৈৰ্য্য কোঁৱৰ আৰু মানস কোঁৱৰেশীঘ্ৰে জামিন লাভ কৰাৰ সম্ভাৱনা আছে বুলি সংবাদমেলত জানিবলৈ দিয়ে সভাপতি ভাস্ক’ ডি শইকীয়াই । বিপৰীতে গগৈয়ে জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা নাই বুলি সংবাদমেলত প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে ।