গুৱাহাটী,5 জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে NIA ৰ বিশেষ গোচৰত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি সংবাদমেল ৷ দেওবাৰে গান্ধীবস্তি স্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিল বড়োৱে ৷ সংবাদমেল যোগে অখিল গগৈক অতি শীঘ্ৰে মুকলি নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি সংগঠনটোৰ কাৰ্যকৰী সভাপতি গৰাকীৰ ৷
অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি সংবাদমেল সংবাদমেলত অনিল বড়োৰ স্পষ্ট মত, আন্দোলন তীব্ৰতৰ হোৱাৰ বাবেই NIA ৰ দলে ভুৱা তথ্যৰে মাওবাদী সজাইছে অখিল গগৈক ৷ লগতে দলৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক গ্ৰেপ্তাৰ কৰি প্ৰতিবাদ স্থবিৰ কৰাৰ ষড়ষন্ত্ৰ কৰিছে চৰকাৰে ৷
উল্লেখ্য যে, সংবাদমেলৰ জড়িয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনাই অনিল বড়োৱে মন্তব্য কৰে যে যদি অখিল গগৈ মাওবাদী হয় তেনেহলে তথ্য সহ প্ৰমাণ কৰক ৷ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে, তেঁও কোৱাৰ দৰে যদি সঁচাকৈ আন্দোলনৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো সদস্যই হিংসাত্মক ঘটনাত জড়িত থকাৰ ভিডিঅ' আছে তেন্তে সেইয়া সোনকালে ৰাজহুৱা কৰক ৷ ইয়াৰ উপৰিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিল বড়োৱে ৰঞ্জিত দাসে প্ৰদান কৰা এখন দগা পাল্লা প্ৰদৰ্শন কৰি প্ৰশ্ন কৰে যে, যদি যদি কৃষক মুক্তি মাওবাদী সংগঠন হয় তেন্তে কংগ্ৰেছৰ দিনত বিজেপিয়ে কিয় দিছিল আৰ্থিক সাহাৰ্য ? 2011-12 চনত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰি থকাৰ সময়ত সূলভ মূল্যত শাক-পাচলি যোগান ধৰাৰ পদক্ষেপক আদৰণি জনাই কিয় প্ৰদান কৰিছিল এই দগাপাল্লা ? লগতে APSC কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়ত কিয় বহু বিজেপিৰ কৰ্মীয়ে দান-বৰঙণি দিছিল বুলি প্ৰশ্ন কৰি অনিল বড়োৱে কয় যে প্ৰয়োজন হ'লে আমি দান বৰঙণি প্ৰদান কৰা সকলৰ তালিকাও প্ৰকাশ কৰিব পাৰিম ৷
ৰঞ্জীত দাসে কৃষক মুক্তি সংগ্ৰাম সমিতিক প্ৰদান কৰা দগাপাল্লা ইমানেই নহয়, কৃষক মুক্তি মৰিবলৈ জন্ম হোৱা নাই বুলি মন্তব্য কৰি অনিল বড়োৱে কয় কৰে যে, ৰাইজৰ লগত থাকি ৰাইজৰ আৱেগ অনুভুতিক সন্মান জনাই এই সংগঠনটোৱে সদায় আন্দোলন চলাই যাব ৷ লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী এই আন্দোলন দীঘলীয়া হ'ব বুলি মন্তব্য কৰি অনিল বড়োৱে চৰকাৰক সকীয়াই দিয়ে যে, কোনো ষড়ষন্ত্ৰই এই আন্দোলনক স্তব্ধ কৰিব নোৱাৰে ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা আৰু কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত 14 জানুৱাৰীৰ উৰুকা দিনটোত দিনৰ 11 বজাৰ পৰা 12 জানুৱাৰীৰ দিনৰ 11 বজালৈকে 24 ঘণ্টীয়া আন্দোলন কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷