গুৱাহাটী, 12 জুনঃবাঘজান ঘটনা সন্দৰ্ভত শুকুৰবাৰে গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে দলটোৰ সভাপতি ভাস্কো ডি শইকীয়াই ৷ বাঘজানৰ ঘটনা সম্পূৰ্ণ অইল কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সংঘটিত হোৱাৰ লগতে,এই ঘটনাৰ দায়িত্ব চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে ল'ব লাগিব বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷ তেওঁ উল্লেখ কৰা অনুসৰি এই ঘটনা নতুন নহয় ৷ ইয়াৰ পূৰ্বেও 2005 চনত দিকমতো অইল ইণ্ডিয়াৰ তৈল খাদত জুই লাগিছিল ৷ তথাপিও এই সুদীৰ্ঘ সময়ত অইল কৰ্তৃপক্ষই কোনো বিশেষজ্ঞৰ দল অথবা অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে ৷ তেওঁ কয় যে,অইল ইণ্ডিয়াক কেৱল অসমৰ তেল লাগে ৷ কিন্তু এই তেল সংগ্ৰহ কৰিবলৈ যাওতে যদি অসমৰ জৈৱ-বৈচিত্ৰলৈ ভাবুকি আহে,তাক লৈ অইল ইণ্ডিয়াই কেৰেপ নকৰে ৷
অসমৰ জৈৱ-বৈচিত্ৰলৈ অহা ভাবুকিক অইল ইণ্ডিয়াই কেৰেপ নকৰেঃ ভাস্কো ডি শইকীয়া - অইল ইণ্ডিয়া লিমিটেড
শুকুৰবাৰে বাঘজানৰ ঘটনা সন্দৰ্ভত গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলটোৰ সভাপতি ভাস্কো ডি শইকীয়াই চৰকাৰ আৰু অইল কৰ্তৃপক্ষক ভিন্ন দাবী উত্থাপন কৰে ৷
ইয়াৰোপৰি তেওঁ কয়,কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে 2008 চনৰ পৰাই ডিব্ৰু চৈখোৱাৰ সমীপৱৰ্তী অঞ্চলত তৈলখাদ খননৰ বিৰোধিতা কৰি আহিছে ৷ বাঘজান বাসীয়ে যেনেদৰে বিচাৰিছে তেনেদৰে তেওঁলোকক ক্ষতিপূৰণ দিয়া হওক ৷ বাঘজানত যি ক্ষতিসাধন হৈছে তাৰ বাবে বাঘজানবাসীয়ে দাবী কৰাৰ দৰেই 100 কোটি টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে অইল ইণ্ডিয়া লিমিটেডক দাবী কৰে ভাস্কো ডি শইকীয়াই ৷ কিয়নো গুজৰাটত যেতিয়া ষ্টেচু অৱ ইউনিটিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল,তেতিয়া অইল ইণ্ডিয়া লিমিটেডে 10 কোটি টকা চিএছআৰ ফাণ্ডৰ পৰা প্ৰদান কৰিছিল ৷ তেন্তে অইল কৰ্তৃপক্ষই বাঘজান বাসীক কিয় পৰ্যাপ্ত ক্ষতিপূৰণ দিব নোৱাৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে সভাপতি গৰাকীয়ে ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো উদ্দেশ্যিও তেওঁ কয় যে, কেৱল অসমীয়াৰ গামোছা ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিলে নহ'ব, অসমীয়াৰ দুখো বুজিব লাগিব ৷