অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিঃ শুকুৰবাৰে ৰাজ্য কঁপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে - Petrol

কেন্দ্ৰীয় চৰকাৰে সদনত দাখিল কৰা প্ৰতিবেদন অনুসৰি পেট্ৰলৰ প্ৰকৃত মূল্য 33.98 টকা কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 46.8% ৷ লগতে ডিজেলৰ প্ৰকৃত মূল্য 38.48 টকা কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 36.3% ৷

মূল্যবৃদ্ধিঃ শুকুৰবাৰে ৰাজ্য কঁপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

By

Published : Sep 26, 2019, 8:24 PM IST

গুৱাহাটী,26 ছেপ্তেম্বৰ: ৰাজ্যত আকাশলংঘী মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ লোকক ৷ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰিবলৈও এতিয়া চিন্তাত পৰিছে সৰ্বসাধাৰণ ৷ ইয়াৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে ৰাজ্যজুৰি গ্ৰহণ কৰিব এক বিশাল প্ৰতিবাদী কাৰ্য্যসূচী ৷ গুৱাহাটীৰ গান্ধীবস্তিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰি প্ৰকাশ কৰিছে এই কথা ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে সদনত দাখিল কৰা প্ৰতিবেদন অনুসৰি পেট্ৰলৰ প্ৰকৃত মূল্য 33.98 টকা কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 46.8% ৷ লগতে ডিজেলৰ প্ৰকৃত মূল্য 38.48 টকা কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 36.3% ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো দিনে দিনে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য ৷ যি সময়ত সাধাৰণ জনতাক মূল্যবৃদ্ধিয়ে জ্বলা-কলা খোৱাইছে সেই সময়ত মুখ্যমন্ত্ৰীৰ তত্বাৱধানত অসম আৰক্ষী আৰু অসম চৰকাৰৰ এজন প্ৰভৱশালী মন্ত্ৰীয়ে কয়লা, সাৰ, চুপাৰী, বালি, কাঠ আদিৰ বিভিন্ন বস্তুৰ ওপৰত ছিণ্ডিগেট চলাই থকাৰ অভিযোগ কৃষক নেতাগৰাকীৰ ৷

ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ CAB ৰ সন্দৰ্ভত অখিল গগৈয়ে মন্তব্য কৰে যে,

"নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিৰোধী শক্তি সমূহৰ মাজত বিভাজন আনিব খুজিছে ৷ কেন্দ্ৰ চৰকাৰে বর্তমান ভাৰতত ফেচিবাদী শাসন কৰি আছে গতিকে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাসকল একগোট হোৱাৰ সময় আহি পৰিছে ৷ ভাৰতবৰ্ষৰ চাৰিওফালে এতিয়া কেৱল ভূৱা ৰাষ্ট্ৰবাদ দেখিবলৈ পোৱা গৈছে ৷ ভাৰতীয় জনতা পাৰ্টিয়ে আজিলৈকে কেৱল ধৰ্মৰ নামতেই ৰাজনীতি কৰি আহিছে ৷ ভাৰতবৰ্ষত মানুহে এতিয়া কেৱল ধৰ্মীয় উন্মাদনাত ভুগিছে "৷

সংবাদমেলত অখিল গগৈ

লগতে পঢ়ক: ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহঃ কোনে কাক টিকট দিব?

ABOUT THE AUTHOR

...view details