গুৱাহাটী,7 এপ্ৰিলঃ অৱশেষত জামিন মঞ্জুৰ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই কাৰাবন্দীৰ নেতাৰ ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালৰ মঙলবাৰে নিয়াৰ আদালতে জামিন মঞ্জুৰ কৰে ৷ কা বিৰোধী আন্দোলনৰ সময়ছোৱাত অখিল গগৈৰ লগতে একেটা গোচৰতে কাৰাৰুদ্ধ হৈ আছিল এই দুই নেতা ৷ কিন্তু উপযুক্ত প্ৰমাণ নথকাৰ বাবে দুয়োজনৰে জামিন মঞ্জুৰ কৰে আদালতে ।
শীঘ্ৰে মুকলি আকাশৰ তললৈ কৃষক মুক্তিৰ দুই নেতা
শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল । মঙলবাৰে ‘নিয়া’ৰ আদালতত জামিন মঞ্জুৰ হয় দুয়োগৰাকী কাৰাবন্দী নেতাৰ ৷
শীঘ্ৰে মুকলি আকাশৰ তললৈ কৃষক মুক্তিৰ দুই নেতা
নেতা দুগৰাকীৰ অধিবক্তাই জনোৱা অনুসৰি 30 হাজাৰ টকাৰ আমানত ধন আৰু এজন সাক্ষী সাক্ষ্যৰ ভিত্তিত জামিন মঞ্জুৰ কৰে আদালতে ৷ আনহাতে, দুয়োগৰাকী নেতাৰ ওপৰত আৰোপ কৰা আন আন গোচৰসমূহৰ ভিত্তিত যদি পুনৰ গ্ৰেপ্তাৰ কৰা নহয় তেন্তে শীঘ্ৰে মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ব বিতু সোণোৱাল আৰু ধৈৰ্য্য কোঁৱৰৰ ।