অসম

assam

জামিন লাভৰ পিছতো কাৰাগাৰত বন্দী মানস কোঁৱৰ

By

Published : Jul 14, 2020, 3:30 PM IST

সম্প্ৰতি জামিন লাভৰ পিছতো কাৰাগাৰত বন্দী হৈ আছে ছাত্ৰ নেতা মানস কোঁৱৰ । নিয়াৰ আদালতত জামিন লাভ কৰিলেও মুকলি কৰি দিয়া হোৱা নাই কোঁৱৰক ৷ বিগত বৰ্ষৰ শেষৰফালে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা ছাত্ৰ নেতাগৰাকী বিগত জানুৱাৰীৰ পৰা কাৰাবন্দী হৈ আছে ।

kmss leader still in jail after got bail guwahati kamrup metro assam etv bharat news
কাৰাগাৰত বন্দী মানস কোঁৱৰ

গুৱাহাটী,14 জুলাই:কাৰাবন্দীছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে অৱশেষত জামিন লাভ কৰে ৷ নিয়াৰ আদালতে সোমবাৰে জামিন মঞ্জুৰ কৰিছিল ছাত্ৰ নেতাগৰাকীৰ ৷ উল্লেখ্য় যে,চান্দমাৰী থানাৰ 13/2019 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতা কোঁৱৰক জামিন লাভৰ পিছতো মুকলি কৰা হোৱা নাই কাৰাগাৰৰ পৰা ৷

কাৰাগাৰত বন্দী মানস কোঁৱৰ

বিগত ২০ জানুৱাৰীত নেতাগৰাকীক গ্ৰেপ্তাৰৰ পিছতে পৰৱৰ্তী সময়ত এই গোচৰটো অৰ্পণ কৰা হৈছিল নিয়াৰ হাতত ৷ ইতিমধ্যে ছাত্ৰ নেতাগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰতে জামিন লাভ কৰাত নেতাগৰাকী মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছিল যদিও এই মুহুৰ্তলৈকে কাৰাগাৰতে আৱদ্ধ হৈ আছে কোঁৱৰ ৷ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিনপূৰ্বে ঘোষণা কৰা হৈছিল কনটেইণ্টমেণ্ট জ’ন হিচাপে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত নেতাগৰাকীক জামিন লাভৰ পিছতো মুক্তি দিয়া নহ’ল কাৰাগাৰৰ পৰা ৷ ইফালে বিষয়টো সন্দৰ্ভত নেতাগৰাকীৰ অধিবক্তাই মঙলবাৰে কাৰণ দৰ্শোৱাৰ এক আবেদন দাখিল কৰিছে নিয়াৰ আদালতত ৷

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী আইন আন্দোলনৰ সময়ত একেটা গোচৰতে ছাত্ৰ নেতা বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আৰু কৃষক নেতা অখিল গগৈকো গ্ৰেপ্তাৰ কৰা হৈছিল ৷ সম্প্ৰতি আটাইকেইজন নেতা কাৰাবন্দী হৈ আছে গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত । তদুপৰি অন্য দুগৰাকী নেতা বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰৰ উক্ত গোচৰৰ শুনানি মঙলবাৰে হোৱাৰ বিপৰীতে অখিল গগৈৰ শুনানি হ’ব ১৬ জুলাইত ।

লগতে চাওকঃপ্ৰাকৃতিক দুৰ্যোগঃ অধিক শোচনীয়ৰ হৈছে ৰাজ্যৰ বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details