গুৱাহাটী, 7 জানুৱাৰী:মঙলবাৰে NIA 13/19 গোচৰত মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত NIA ই জিম্মাত বিচাৰিব কৃষক নেতা ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক ৷ NIAৰ প্ৰডাকশ্যন ৱাৰেন্টত NIA আদালতত হাজিৰ কৰোৱা হয় কৃষক নেতাদ্বয়ক ৷ দৰাচলতে "CAA" বিৰোধী আন্দোলনত বিক্ষিপ্ত ঘটনা সংঘটিত কৰাৰ অভিযোগত 13 ডিচেম্বৰত চানমাৰী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক ৷
পুনৰ মাওবাদীৰ সন্দেহত গ্ৰেপ্তাৰ কৃষক নেতা ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱাল
"চৰকাৰ পগলা হৈছে ৷ জাতিৰ বাবে মুক্ত ভাৱে কাম কৰি থকাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰাইছে আমাক ৷"
গ্ৰেপ্তাৰ কৃষক নেতা ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱাল
16 ডিচেম্বৰত কৃষক নেতাদ্বয়ে জামিন পায় কাৰাগাৰৰ পৰা ওলাই আহোতেই পুনৰ কাৰাগাৰৰ গেটতে আন এটা গোচৰত দুয়োকে গ্ৰেপ্তাৰ কৰে বশিষ্ঠ থানাৰ আৰক্ষীয়ে। বৰ্তমান ন্যায়িক জিম্মাত আছে দুই কৃষক নেতা ৷ আনহাতে সাংবাদিকৰ স'তে হোৱা কথোপকথনত মাওবাদীৰ সৈতে থকা সম্পৰ্কৰ কথা অস্বীকাৰ কৰাৰ লগতে নতুন ৰাজনৈতিক দল গঠনতকৈ "CAA" বাতিলৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিবলৈ ৰাইজক আহ্বান জনায় ধৈৰ্য্য কোঁৱৰে ৷
লগতে পঢ়ক: বাৰাণসী ৰে’ল ষ্টেচনত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিক