অসম

assam

হিমন্ত বিশ্বৰ সৎ সাহস নাই বাবে আলোচনাত KMSSক নামাতিলে: অখিল গগৈ

By

Published : Nov 30, 2019, 5:03 PM IST

শনিবাৰে কৃষক নেতা অখিল গগৈয়ে সম্বোধন কৰে এখন সংবাদ মেল ৷ সংবাদ মেলত CABৰ বিৰোধিতা,CAB সন্দৰ্ভত AASU,আমছুৰ গৃহমন্ত্ৰীৰ লগত আলোচনা সন্দৰ্ভত ভিন্ন মন্তব্য কৃষক নেতাগৰাকীৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

গুৱাহাটী, 30 নৱেম্বৰ: " সাংবিধানিক ৰক্ষা কবচৰ নামত যদি AASU য়ে দিল্লীৰ কথা মানি আহে তেন্তে অসমৰ ৰাইজে কেতিয়াও AASUসমৰ্থন নকৰিব" শনিবাৰে গান্ধী বস্তিৰ কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ৷ CAB সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰীৰ লগত হোৱা আলোচনাত কৃষক মুক্তি সংগ্ৰাম সমিতিক আমন্ত্ৰণ নকৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব আৰু বিজেপিৰ সৎ সাহস নাই বুলিয়ো মন্তব্য কৰে অখিল গগৈয়ে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

আনহাতে এসময়ত আমছুক হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী সংগঠন বুলি আখ্যা দিছিল কিন্তু এতিয়া অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ বাবে আমছুক কিয় মাতিলে বুলি হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰশ্ন কৰে অখিল গগৈয়ে। ইয়াৰোপৰি উক্ত সংবাদমেলত শেষতীয়াকৈ বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যক সমালোচনা কৰে কৃষক নেতাগৰাকীয়ে। লগতে Inner line permitথকাৰাজ্য সমূহত নাগৰিকত্ব সংশোধনী বিধেয়ক প্রযোজ্য নহয় বুলি কেন্দ্ৰই টোপ দিয়া বুলিয়ো অখিল গগৈয়ে সংবাদ মেলখনত কয় ৷

লগতে পঢ়ক: ই টি ভি ভাৰত EXCLUSIVE : কয়লা-চুপাৰিৰ পিছত এইবাৰ "হজ"ৰ নামত ছিণ্ডিকেট!

অসম চুক্তিৰ 6 নং দফাত সামাজিক,অৰ্থনৈতিক,সাংস্কৃতিক সুৰক্ষাৰ কথা হে লিখা আছে ৰাজনৈতিক বা আন আন সুৰক্ষাৰ কথা লিখা নাই। গতিকে অসম চুক্তিৰ 5 নং দফা বাদ দি 6 নং দফা মানি লোৱা নহ'ব বুলি স্পষ্ট কৰে কৃষক নেতা অখিল গগৈয়ে। CAB যদিহে গৃহীত হয় তেন্তে ভাৰতীয় সংবিধানৰ 14,25 অনুচ্ছেদক অৱমাননা কৰা হ'ব। গতিকে সংবিধান বিৰোধী এই CAB কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি নলয় দৰকাৰ হ'লে গুলি খাই মৃত্যুবৰণ কৰাৰ হুংকাৰ দিয়ে অখিল গগৈয়ে।

ABOUT THE AUTHOR

...view details