অসম

assam

ETV Bharat / state

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৃষক নেতা অখিল গগৈ - কৃষক মুক্তিৰ কাৰাবন্দী নেতা অখিল গগৈ,ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক আদালতত হাজিৰ

শনিবাৰে কৃষক মুক্তিৰ কাৰাবন্দী নেতা অখিল গগৈ,ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । নেতা তিনিজনক অসম আৰক্ষীৰ অপৰাধ শাখাই নিজৰ জিম্মাত বিচাৰে যদিও আদালতে এই অনুৰোধ অগ্ৰাহ্য কৰে ।

KMSS leader Akhil Gogoi presented at court
আদালতত হাজিৰ অখিল গগৈ

By

Published : Feb 15, 2020, 11:21 PM IST

গুৱাহাটী,15 ফেব্ৰুৱাৰীঃশনিবাৰে কৃষক মুক্তিৰ কাৰাবন্দী নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালত চৌহদত অখিল গগৈয়ে কা বিৰোধী আন্দোলন সবল নোহোৱা বুলি প্ৰকাশ কৰে । লগতে চৰকাৰক বাধ্য কৰাব পৰা আন্দোলন হোৱা উচিত বুলি আক্ষেপেৰে কয় ৷ নেতা তিনিজনক অসম আৰক্ষীৰ অপৰাধ শাখাই নিজৰ জিম্মাত বিচাৰে যদিও আদালতে এই অনুৰোধ অগ্ৰাহ্য কৰে । তাৰ পৰিৱৰ্তে প্ৰয়োজনত নেতাকেইজনক কাৰাগাৰতে জেৰা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ।

আদালতত হাজিৰ অখিল গগৈ

ABOUT THE AUTHOR

...view details