গুৱাহাটী, 2 মাৰ্চঃ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্ধী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈগুৰুতৰভাবে অসুস্থ । প্ৰচণ্ড জৰ,পেটৰ বিষ আৰু কঁকালৰ বিষত আক্ৰান্ত অখিল গগৈ পৰি আছে কাৰাগাৰৰ কোঠাত। সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকী নেতাই অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ গৈছিল যদিও অসুস্থ অখিল গগৈক ল'গ কৰিব নোৱাৰিলে সতীৰ্থসকলে । অখিলক কাৰাগাৰত ল'গ কৰিবলৈ যোৱা সতীৰ্থ সকলক অখিলৰ অসুস্থতাৰ খবৰ দিয়ে কাৰাবন্ধী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য নেতা সকলে ।
কাৰাবন্ধী অখিলৰ অসুস্থতা সদৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা হুছেইন মহম্মদ ছাজাহানে কয়, "বিজেপি চৰকাৰৰ মন্ত্ৰী সকলে অখিল গগৈক কাৰাগাৰৰ ভিতৰতে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে । অখিল গুৰুতৰভাৱে অসুস্থ, অখিলক উপযুক্ত চিকিৎসাৰ প্ৰয়োজন যদিও বিজেপি চৰকাৰে অখিলক প্ৰদান কৰা নাই উপযুক্ত চিকিৎসা৷"