গুৱাহাটী, ১০ এপ্ৰিলঃ বৃহস্পতিবাৰে গৌৰীসাগৰ থানাত অন্য এক গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয় কৃষক নেতা অখিল গগৈক । চাবুৱা থানাৰ গোচৰৰ তদন্তৰ দায়িত্ব "নিয়া"ক অৰ্পণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সংঘটিত হিংসাত্মক ঘটনাত অভিযুক্ত হৈ ডিব্ৰুগড়ৰ চাবুৱা থানাৰ দুটা গোচৰত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈ যোৱা ১ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অৱস্থাত বৃহস্পতিবাৰে পুনৰ গৌৰীসাগৰ থানাৰ অন্য এক গোচৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ।
নাগৰিকত্ব সংশোধনী আইন আন্দোলনত নেতৃত্ব দিয়াৰ অপৰাধত বিগত বৰ্ষৰ ১২ ডিচেম্বৰত শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাত কৃষক নেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন অধীনত গোচৰ নং-১৫৪/২০১৯ ধাৰা ১২০বি/১৪৩/১৫০/১৫৩/১৫৩এ/১৫৭/১৫৮/২৮৩/৪৩১অনুসৰি এক গোচৰ ৰুজু কৰা হৈছিল । উক্ত গোচৰৰ জামিনৰ বাবে শিৱসাগৰ জিলা ন্যায়িক দণ্ডাধীশ আদালতত আবেদন জনাইছিল যদিও জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল নেতাগৰাকীয়ে ।